উপহাৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 31, 2024

উপহাৰ



 উপহাৰ


                ইনু দত্ত

               গুৱাহাটী 


আজি তোমাৰ ওপজা দিন সখী। 

দিবলৈ নাই মোৰ একো

আছে মাথো হিয়াভৰা

মৰম আৰু অলেখ ভালপোৱা।

আঁকোৱালি লবা তাকে

সখীৰ উপহাৰ বুলি।

মনত পৰেনে সখী

লৰালিৰ সেই দিনবোৰ,

খেলিছিলো ক'ত যে খেল

সাজিছিলো বালি ঘৰ।

কন্যা দৰা সাজি

পাতিছিলো কত বিয়া,

মনত পৰেনে সখী

লুকাভাকু খেলা।

কেতিয়াবা খেলৰ মাজতে কৰা তুমি অভিমান,

নিমিষতে মাৰ যায়

হাঁহিৰে ভৰি যায় তোমাৰ পৰাণ।

কতবাৰ সাৰিছিলো

কতবাৰ জিকিছিলো,

খাইছিলো মাৰ পৰা কত যে গালি

তথাপিও ভাগৰা নাছিলো আমি।

নাই আৰু সেইদিন নাই আজি

আছে মাথো স্মৃতিৰ সোঁৱৰণি

তাকে আজি সুঁৱৰিছো সখী

তোমাৰ ওপজা দিন বুলি


Doksiri দকচিৰি, এপ্ৰিল, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages