ভূমিপুত্ৰৰ আলিঃ আয়েঃ লৃগাং
ৰমেন বৰা
গহপুৰ, বিশ্বনাথ
‘ফাগুন মাহৰ প্ৰথম বুধবাৰ,
লৃগাং বুলি বন্ধু আহিবা এবাৰ।
পোৰাং আপিন পৰ আপঙৰ জুটি,
মৃৰং ঘৰত বহি চাবা মিচিং সংস্কৃতি।’
মই লিখা এটা গীতৰ কলিৰে অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ ‘আলিঃ আয়েঃ লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিলো। মিচিং জনগোষ্ঠীৰ লোক সকলে দঞি পলোঃ অৰ্থাৎ চন্দ্ৰ-সূৰ্যক উপাসনা কৰাৰ লগতে নিজৰ পুৰ্বপুৰুষক স্মৰণ কৰি কৃষি কাৰ্য আৰম্ভ কৰাৰ পৰম্পৰাগত উৎসৱ হৈছে আলিঃ আয়েঃ লৃগাং। উৎসৱটো ভাগৰ বিষয়ে বিতংকৈ ক'বলৈ আমি সমৰ্থৱান নহয় যদিও ফাগুণ মাহৰ প্ৰথমটো বুধবাৰে উৎসৱ ভাগ উদযাপন কৰা দেখি আহিছো। সময় সুবিধা অনুসৰি কিছু সংখ্যকে পৰৱৰ্তী বুধবাৰটো উৎসৱ ভাগ পালন কৰে। আলিঃ আয়েঃ লৃগাঙত মৃৰং ঘৰত বহি পৰ আপং আৰু পোৰাং আপিনৰ সোৱাদ ল’বলৈ অন্যান্য জাতি জনগোষ্ঠীৰ লোকৰো সমাগম হোৱা দেখা যায়। গহপুৰৰ দক্ষিনাঞ্চলৰ লোহিতমুখ, কঠালকুছি, বালিগাঁও, ৰাওনামুখ, বৰতামুলি, গোপাল জাৰণি, ঠোটেচাপৰি, আৰিভঙা, এৰাসুঁতি উত্তৰাঞ্চলৰ পুলিচোমনি, ৰঙাজান মিচিং, আঠাইশঘৰীয়াকে ধৰি বিভিন্ন ঠাইত উলহ-মালহেৰে উদযাপন কৰে আলিঃ আয়েঃ লৃগাং। ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ বয়োজ্যেষ্ঠ লোক সকলৰ লগতে বৰ্তমান নৱ প্ৰজন্মইয়ো আলিঃ আয়েঃ লৃগাঙৰ পৰম্পৰাৰ লগত ওতঃপ্ৰোত ভাবে জড়িত হৈ পৰা পৰিলক্ষিত হয়। ক’ব লাগিব যে মহাবাহু ব্ৰহ্মপুত্ৰৰ লগতে খাৰৈ, গাঁওবুঢ়া, কলছে আদি সুঁতিয়ে গহপুৰৰ দক্ষিনাঞ্চলত বসবাস কৰা মিচিং জনগোষ্ঠীৰ লোক সকলৰ জীৱন দুৰ্বিসহ কৰি আহিছে। ইয়াৰ সামন্তৰালকৈ বন্যহস্তীৰ তাণ্ডৱ আছেই। জীয়াই থাকিবলৈকে প্ৰতি পলে পলে যুঁজ দি থকা ভূমিপুত্ৰ সকলে জনগোষ্ঠীটোৰ পৰম্পৰাগত উৎসৱ আলিঃ আয়েঃ লৃগাঙৰ দিনটোৰ পৰা অতিতৰ সকলো দুখ, কষ্ট, বেজাৰ পাহৰি অনাগত দিনত ভাল ফল লাভ কৰাৰ আশাৰে পুণৰ কৃষিকাৰ্যৰ শুভাৰম্ভনি কৰে। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে আলিঃ আয়েঃ লৃগাং এনে এক উৎসৱ যৰ পৰাই ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোকসকলে নতুন উদ্যমেৰে নিজৰ কৃষিকাৰ্য আৰম্ভ কৰাৰ সাহস লাভ কৰে। গুমৰাগ, ঐনিতমৰ সুমধুৰ সুৰৰ মাজত বিলিন হৈ ভূমিপুত্ৰ সকলে পাহৰি যায় নিজৰ দুখ-কষ্ট, অভাৱ-অনাতনৰ লগতে জীয়াই থাকিবলৈ দিনে-নিশাই ৰুষ্ট প্ৰকৃতিৰ সৈতে যুঁজি যুঁজি পাৰ কৰা কাল অমানিশাৰ দিনবোৰ। আমি বাহিৰৰ পৰা যোৱা সকলে পৰ আপং, পৰ আপিন, গাহৰি, কুকুৰা, মাছৰ সোৱাদ লৈ গুমৰাগ ঐনিতমৰ ৰাগত মতলীয়া হৈ উপভোগ কৰো জনগোষ্ঠীটোৰ পৰম্পৰাগত কৃষি ভিত্তিক উৎসৱ ‘আলিঃ আয়েঃ লৃগাং।’ কিন্তু আমি জানো এবাৰ ভাবি চাইছো কৃষি কাৰ্য সম্পাদন কৰিবলৈকে ভূমিপুত্ৰ সকলে কিমান সংঘৰ্ষ কৰিব লগা হয়। আজি কালি বহু সংখ্যকে নগৰমুখী অথবা উন্নত স্থানলৈ স্থানান্তৰ হৈ সুখময় জীৱন যাপন কৰিব পৰা হৈছে যদিও নৈ পৰীয়া মিচিং জনগোষ্ঠীয় খাটি খোৱা কৃষক সকলে বছৰ বছৰ ধৰি বান গৰাখহনীয়া, বন্যপ্ৰাণীৰ সন্ত্ৰাসৰ মাজতো কৃষিকৰ্ম সম্পাদন কৰাৰ দৰে দুৰ্বিসহ কাম কৰি থাকিব লগা হৈ আছে। আলিঃ আয়েঃ লৃগাঙৰ পবিত্ৰ ক্ষণত জনগোষ্ঠীটোৰ প্ৰতি গৰাকী খাটি খোৱা কৃষকৰ কঠোৰ শ্ৰমক অনুধাৱন কৰি তেখেত সকললৈ পবিত্ৰ উৎসৱ ভাগৰ শুভেচ্ছা জ্ঞাপন কৰিলো। চাঃ আইপৗ।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:
Post a Comment