চাহপতীয়া আৱেগ
টোলন তছা
কলিয়াবৰ, নগাঁও
প্ৰতিকাপ চাহেই একোটা কাহিনীৰ উন্মেষ ঘটাই
বতাহৰ হাতত খামোচ মাৰি
মনে মনে নাচি থকা পাতবোৰে
নজনা বহু ইতিহাস সুঁৱৰাই
ভোক পিয়াহ আৰু জীৱন সংগ্ৰামৰ
দীঘলীয়া যাত্ৰাৰ গাঁথা গুণগুণাই।
আজিও প্ৰখৰ ৰ'দত কলীয়া এচামৰ
সোণালী সপোনবোৰৰ চিতাগ্নি জ্বলে
বাৰিষাৰ বৰষুণত কাগজৰ নাৱঁত উঠি
পাল তৰে এবুকু কেঁচা আৱেগবোৰে।
শিৰিষ গছৰ তলত যিদৰে
চাহগছবোৰে বিশ্ৰাম কৰে
চাহৰ এটা উমাল চুমুকে তেনেদৰেই
আমাৰ ইন্দ্ৰিয়বোৰ সতেজ কৰে।
জীৱন-যৌৱন অভাৱ-অনাটন
আৰু অন্তহীন পৰিশ্ৰমৰ কথা
কলঘৰৰ বিঙ্গুলে সদায় চিঞৰি কয়
অনেক নপঢ়া কাহিনীৰ অগনন পৃষ্ঠা
পঞ্চভূতত বিলিন হয় গোপনে
কাহানিও কোনেও নজনাকৈ।
Doksiri দকচিৰি, জুন, ২০২৫


No comments:
Post a Comment