কোলাহল
ববী কলিতা
কামৰূপ (গ্ৰাম্য)
চৌদিশে বন্দুক - বাৰুদৰ শব্দ
আৰ্তজনৰ আৰ্তনাদ,
কোলাহল মাথোঁ কোলাহল
মৃত্যুৰ কিৰিলি পাৰি
এদম মৰাশৰ আন্দোলন,
পঙ্গু মানসিকতাক উপহাস
ধিক আধুনিক মাৰণাস্ত্ৰ।
তেজৰ চেকুৰাৰে ফাকুৱা খেলা
মানুহৰূপী দানৱৰ অট্টহাস্য,
অত্যাচাৰীৰ বৰ্বৰতাৰ সন্মুখত
শান্ত সমাহিত মানৱৰ নতশিৰ,
নাই প্ৰতিবাদী কন্ঠ
শক্তিশালীৰ ওচৰত সমৰ্পিত
সমস্ত কায়িক সত্তা।
জাতিৰ হকে দহৰ বাবে
আগবাঢ়িবলৈ হ’ল আজি
আগবাঢ়ি বল ডেকাশক্তি
লুন্ঠিত জনতাক নিজৰ প্ৰাপ্য
দিবলৈ দেহে কেহে আগুৱাই
ব’ল অ’ ডেকা শক্তি
হাতে হাত ধৰি ব’ল।
সুনাগৰিকৰ দায়িত্ব পালনেৰে
দেশক সন্মানেৰে বিভুষিত কৰ
তোৰ জনম সফল হওঁক আজি
নিজৰ জীৱন দানেৰেও
দেশক সফল কৰ আজি
ব’ল অ’ ডেকাশক্তি
আগবাঢ়িবলৈ আহ।
উদভাষিত হওঁক নতুন সুৰুজ
সকলো কলুষতা আঁতৰাই
পোহৰাওক বিশ্ব,
নিৰ্মল মনৰ অধিকাৰীয়ে
হওঁক দেশৰ ভবিষ্যত
আগবাঢ়ি যাওক নৱপ্ৰজন্ম
দেশৰ উজ্জ্বলতা সমৃদ্ধিৰে
আমিও হও আহা দেশভক্ত।
Doksiri দকচিৰি, জুন, ২০২৫


No comments:
Post a Comment