গ্ৰীষ্মৰ কেইটামান পংক্তি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

গ্ৰীষ্মৰ কেইটামান পংক্তি

 


গ্ৰীষ্মৰ কেইটামান পংক্তি


                                            উৎপল বৰকটকী


১) সেমেকা চোতাল, সেমেকা মন

ওঁঠত কিন্‌ কিন্‌ বৰষুণ

এজাক চৰাই উৰি যায়

আকাশৰ নিৰ্জনতা ভেদি।


২) কেঁচা ঘামত পোৰে চকু

ৰ’দত দেহ

টলমল, জলজল-পটপট

ৰ’দ ঘন বেলিৰ পোহৰ।


৩) সেউজীয়া পাতবোৰে বিচাৰি লৈছে

নিসংগতাৰ বাট

বতাহৰ সৈতে বিচ্ছেদ-অভিমান।


৪) বতাহে নামানে একোকে

বৰষুণে বুজাব নোৱাৰে

ধুমুহা হৈ নামে

বিচ্ছেদত বিদীৰ্ণ বতাহ।


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages