বলাৎকাৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

বলাৎকাৰ

 

বলাৎকাৰ


               তুলিকা দেৱী 

                       নগাঁও


এন্ধাৰৰ বাট কাটি পোহৰৰ আগমন নে

পোহৰৰ বাট কাটি এন্ধাৰৰ আগমন 

জটিল প্ৰশ্নটোৰ উত্তৰ ৰহস্যঘন 


 হৃদয়হীন কৃষ্ণৰ অন্তৰ্ধানত

ৰাধাৰ বুকুৰ ৰোদন

সীতাৰ পাতাল গমন

অথবা ভৰা সভাত দ্ৰৌপদীৰ বস্ত্ৰ হৰণ 

এটাই নামকৰণ……

ধৰ্ষণ... মানসিক ধৰ্ষণ


একবিংশ শতিকাৰ বলাৎকাৰীৰ শৃংখলটোত 

কোনোবা লৌহ গৰালত আৱদ্ধ

অথবা কোনোবা মুকলি আকাশৰ তলত 

নৱ পৰিকল্পনাৰে নিমৰ্জ্জিত


ইয়াতেই সীমাবদ্ধ নে

বলাৎকাৰীৰ পৰিচয় ?

নিয়ম ভঙাৰ ভয়ত যি নাৰীয়ে

বিবাহৰ নামত

অহৰ্নিশে পিষ্ট হৈছে

মানসিক নিৰ্যাতনত

 অথবা নিজ পতিৰ 

কামনাৰ আতিশয্যত 

সেইয়া কি ??

বলাৎকাৰ নহয় ?


যিজন সুযোগ সুবিধা বুজি 

মৰম আদায় কৰাত সিদ্ধহস্ত

যিজনে চকুত স্বপ্নৰ পোহৰ সিঁচি

কোৱাভাতুৰী হৈ

কলিজাত দুঃস্বপ্নৰ বুটা বাচে গোপনে

যিজনে চলনাৰে পলায়ন কৰে 

তেওঁ ধোৱা তুলসীৰ পাত 

নে বলাৎকাৰী জাত ??


ভদ্ৰতাৰ মখমল মুখা পিন্ধি

বুকুৰ কোহ দংশন কৰি 

নিমিষতে অন্তৰ্ধান হোৱাজন

বলাৎকাৰীৰে সম্ৰাট 


আচলতে কি জানে 

পৃথিৱীৰ প্ৰতিটো প্ৰান্তত 

বৈধ-অবৈধ ভাবে

শৰীৰৰ পৰা মনলৈ

শোৱনি কোঠাৰ পৰা 

সামাজিক মাধ্যমলৈ

সকলোতে একেখন নাটকেই ৰূপায়ন 'ধৰ্ষণ'

মানসিক-শাৰীৰিক ধৰ্ষণ 


মুখাৰ আঁৰত মুখ লৈ 

দিন প্ৰতিদিনে 

কাৰোবাৰ আবেগ, মন গহনত

চাতুৰী কৰি কৰা পলায়ন 

অথবা

বৈধতাৰ বান্ধোনৰ দোহাই দি  

স্বামীয়ে পত্নীৰ শৰীৰ-মনত  

কৰা দহন

বলাৎকাৰৰেই তীৰ্যক বাণ


আৰু যৱনিকাত...

ন্যায়ৰ ৰায়দানলৈ অপেক্ষাৰতৰ বুকুত 

কেৱল স্বপ্ন-দুঃস্বপ্নৰ স্মৃতিচাৰণ


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages