শেষ যুদ্ধ
পাৰ্থজিৎ নাথ
মৰিগাঁও
মই বিচাৰোঁ এখন যুদ্ধ,
এখন শেষ যুদ্ধ।
যি যুদ্ধ হ’ব সমতাৰ হকে,
যি যুদ্ধ হ’ব শোষিতৰ অধিকাৰৰ হকে,
যি যুদ্ধ হ’ব নিৰ্বলীৰ ন্যায়ৰ হকে।
যি যুদ্ধৰ অন্তত নাশ হ’ব
সকলো আসুৰিক শক্তি,
যি যুদ্ধৰ অন্তত কাহানিও নচলিব
নিৰ্বলীৰ ওপৰত পৰাক্ৰমীৰ শোষণৰ হাতুৰী।
শেষ হ’ব চৌদিশে শোষক আৰু শোষিতৰ মাজৰ যুদ্ধ
যুদ্ধৰ পৰিৱৰ্তে চৌদিশে বাজি উঠিব
চিৰ শান্তিৰ গীত,
য’ত শোষিতই পাব অধিকাৰৰ স্বতন্ত্ৰতা
আৰু শোষকৰ হাতবোৰ হ’ব ন্যায়ৰ শিকলিৰে বন্ধা।
মই বিচাৰোঁ এখন শেষ যুদ্ধ
যি যুদ্ধৰ অন্তত চৌদিশে বিয়পি পৰিব
ক্ষমতাৰ সম অধিকাৰ,
যি যুদ্ধৰ অন্তত চৌদিশে মুখৰিত হ’ব
শান্তিৰ জয় জয়কাৰ।
Doksiri দকচিৰি, মে, ২০২৬

No comments:
Post a Comment