কাৰ মুখলৈ চাই জী থাকিম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, October 1, 2026

কাৰ মুখলৈ চাই জী থাকিম

 


কাৰ মুখলৈ চাই জী থাকিম


                                               গংগামোহন মিলি

                                      গৌৰৰ নগৰ, শিৱসাগৰ


মোক যে কিয় এৰি থৈ গুচি গ’লি 

অ’ মোৰ বাৰীৰ শাক-পাচলি 

পথাৰৰ শইচ, পুখুৰীৰ মাছ 

গোহালিৰ গৰু, গঁড়ালৰ হাঁহ-কুকুৰা 

আলমাৰীত জিৰণি লোৱা কিতাপ 

আৰু কত যে কি... 

গণি গণি শেষ কৰিব নোৱাৰি


পুৱা-গধুলি আৰ্তজনৰ ব্যাখ্যা 

“কি আছিলো নিমিষতে কি হ’লো 

বিধিৰ কি বিধান মন্ত্র 

প্রলয় আৰু পাপ-পূণ্যৰ 

ক’ৰবাত আছে নেদেখা যোগসূত্র!!


শূন্যতাৰ আদিপাঠৰ বিষাদ ৰাগিনী 

আগন্তুক দিনত 

কাৰ মুখলৈ চাই থাকিম জী।।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages