দুটি শাৰদীয় স্তবক
অমল দাৱ
(এক)
শুকুলা মেঘৰ বিচনাত নীলিম আঁঠুৱাতৰি
কঁহুৱা বাউলী ৰাধা
ডুবৰি বনত মুকুতামণি
কি দুখত উৰে ৰাতি মেঘৰ চকুলো টোকাৰ
তামোল গছত টোকোৰা চৰাইৰ চুবুৰিত লাগিল উখল মাখল
কিনো হ'ল কিনো হ’ল
চাৰিও ফালেচোন ৰজন জনাই গ’ল
বজ্ৰনাৰী সংগে যমুনাৰ বালিত ৰাধে নোহোৱা হ'ল
ৰাধে চলহ মোহোৰ সংগে
অতি বিতোপন আজি শাৰদীয় পূৰ্নিমা ৰাতি
(দুই)
ধানপাতে মেঘক আকোলিয়াই
বুকুত ঢৌ উঠি প্ৰেমৰ
মেঘৰ কঁপালে বয় টোপ টোপ নদী
প্ৰিয়ম নবজাবি মুৰুলী
বাউলী বৃন্দাবন
নিজান যমুনাৰ বালি, ৰাধে পৰিব ঢলি
কণ্টকে বিন্ধীয়া পাৱ চলিতে নেপাৰি
অতি বিতোপন আজি
শাৰদীয় পূৰ্ণিমা ৰাতি
Doksiri দকচিৰি, অক্টোবৰ, ২০২৬


No comments:
Post a Comment