ডিমেনচিয়া
ড° বিজয়কৃষ্ণ দলে
যি কথা মই তোমাক কৈছিলো
সেই কথা তুমি পাহৰিলা
যি কথা তুমি মোক কৈছিলা
সেই কথাও মই পাহৰিলো
পাহৰাটো আমাৰ স্বভাৱ
কথাটো কি আছিল
আছিল নেকি ভালপোৱাৰ
পলসুৱা বাসনা!
আছিল নেকি মিলনৰ
কামনাৰ ৰক্ত জবা!
এতিয়া আমি দুয়ো
পাহৰণিৰ মৰাসুঁতি
শুকাই যোৱা কপিলী কলং।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৬


No comments:
Post a Comment