ছয় অন্ধৰ হস্তী দৰ্শন! - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 1, 2023

ছয় অন্ধৰ হস্তী দৰ্শন!




 ছয় অন্ধৰ হস্তী দৰ্শন!


জাতিৰাম কামান


     কেইগৰাকীমান অন্ধই হাতী দেখাৰ ইচ্ছা প্ৰকাশ কৰাত হাতীৰ ওচৰলৈ নিয়া হল তেওঁবিলাকক।চকুৰে দেখা নাপায় বাবে হাতীৰ বিভিন্ন অংগ স্পৰ্শ কৰি হাতীৰ বিষয়ে ধাৰণা কৰি তেওঁবিলাকে বৰ্ণনা কৰিছে হাতীনো দেখাত কেনেকুৱা?

    প্ৰথমজন অন্ধই হাতীৰ ভৰিটো চুই চাই কৈছে হাতীটো আচলতে স্তম্ভ এটাৰ দৰে!দ্বিতীয় অন্ধই শুৰ ডাল স্পৰ্শ কৰি কৈছে হাতী অজগৰ সাপটোৰ দৰে!তৃতীয় গৰাকীয়ে নেজডাল লৰাই কৈছে হাতীটো আচলতে ৰছী এডালৰ নিচিনা;আন এজন অন্ধই হাতীৰ দাঁতটো মোহাৰি মোহাৰি কৈছে হাতীটো এটা মসৃন জোঙাল বৰ্শাৰ দৰে!পাছৰ জনে কানটো খেপিয়াই কৈছে হাতীটো বিচনিটোৰ নিচিনাহে!আৰু শেষৰজন অন্ধই হাতীৰ বহল পেটটো মোহাৰি মোহাৰি কৈছে হাতীটো খলা বমা দেৱালৰ লেখিয়াহে!

     প্ৰায়ভাগ মুখ বাগৰা খবৰ বাতৰিবোৰো আচলতে অন্ধৰ হস্তি দৰ্শনৰ দৰে!আচল কথাটো গুৰিৰ পৰা টুকুৰা টুকুৰকৈ ভাগি আহি আহি শেষ পৰ্য্যন্ত বাতৰিটো বিকৃত ৰূপত পৰিৱেশন কৰা হয়,ফলত প্ৰকৃত ঘটনাটো সঠিকভাৱে উত্থাপিত নহয়।ৰসৰাজ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু 'নুমলীয়া পো'ত বৰ্ণিত নোমলৰ পৰা 'নেমেল' হৈ 'নহবৰ হল' হোৱাৰদৰে কথা।

   যোৱা ২৩ আগষ্ট ২০২৩ তাৰিখে চন্দ্ৰযান-৩ যে চন্দ্ৰপৃষ্ঠৰ দক্ষিণমেৰুত অৱতৰণ কৰা কথাটো ভাৰতবৰ্ষৰ এশ চল্লিশ কোটি জনতাৰ কিমানজনে চালে বা জানিলে এয়া কব নোৱাৰি,কিন্তু যিসকলে টিভিৰ পৰ্দাত প্ৰত্যক্ষ কৰিলে তেওঁবিলাকে নিশ্চয়কৈ দেখা পালে সোনালী বৰণৰ ৰঙীন ডাঠ কাগজেৰে নিৰ্মিত কুকুৰাঘৰৰ দৰে ঠেং থকা চাৰিকোণীয়া যন্ত্ৰ এটা লাহে লাহে নামি আহি পলসে পোতা বালিহেন কলা মাটিৰ ওপৰত নামি ৰৈ গৈছে,‌ কাষত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে কাঠি দিয়া জাতীয় পতাকাখন হাতেৰে লৰাই থকা দেখা গৈছে। লুনা, এপল' বা চন্দ্ৰযান যিমানবোৰ ৰকেটেই নপঠিয়াওক লাগে জোনৰ কথাটো পৃথিৱীবাসীয়ে এতিয়াও সম্পূৰ্ণকৈ গম নাপায় বা পাব নোৱাৰে! মাত্ৰ উপগ্ৰহটোৰ এটা বিন্দুত উপনিত হৈ এডোখৰ অকনমান জেগাৰ ছবিহে দেখা পাবলৈ সক্ষম হয়।ইও একপ্ৰকাৰ অন্ধৰ হস্তিদৰ্শনৰ দৰে কথা।আনকি পৃথিৱীৰ দক্ষিণমেৰু দিশে বহু অভিযানকাৰীৰ দল গৈছে যদিও মেৰুপ্ৰান্তৰ কথাবোৰ সম্যকভাৱে জানিব পৰা নাযায়।

  ঠিক একেদৰে মহানগৰত থকা, মহানগৰত ডাঙৰ দীঘল হোৱা মানুহেও ভাৰতৰ ভিতৰুৱা গ্ৰাম্য সমাজৰ কথা নাজানে,গাঁৱৰ আচল ৰূপটো দেখা নাপায়।

     চাকৰি কালত মুম্বাই চহৰৰ পৰা অহা এগৰাকী বেংক বিষয়াক আমাৰ গাওঁ দৰ্শন কৰাইছিলো এবাৰ।এইখিনিতে উল্লেখনীয় যে আমাৰ গাওঁখন একেবাৰে ভিতৰুৱা অঞ্চলত,নৈ'ৰ পাৰত অৱস্থিত।এক কথাত জকাইচুকীয়া গাওঁ।অফিচাৰজনে আমাৰ গাওঁখন দেখি এক প্ৰকাৰ অবাক!

তেওঁ আমাক কলে_'মোৰ জীৱন কালত এতিয়ালৈকে তোমালোকৰ গাঁৱৰ দৰে গাওঁ দেখাই নাই!একেবাৰে অন্য এখন জগত!আধুনিক জগতৰ কৃত্ৰিমতাই স্পৰ্শ নকৰা এখন অন্যন্য জগত! কিবা এক আচহুৱা পৰিৱেশে এতিয়াও মোক বাৰে বাৰে আকৃষ্ট কৰে,টানি লৈ যায় সেই নিৰিবিলি নিৰ্মল গাওঁখনিৰ অনাবিল পৰিৱেশে'।পৰৱৰ্তী কালত সেই কথা তেওঁ নিজমুখে মোক জনাইছিল। আজিকালি অৱশ্যে গাওঁবোৰ কিছু উন্নত হল।আগৰ সেই পৰিৱেশ নাই।চৰকাৰী আবাস যোজনাৰ পকী খুটাৰ ঘৰ হল, কবাত কবাত অনাময় আচঁনিৰে সজা শৌচাগাৰ হল,বিজুলি চাকিৰ পোহৰে স্পৰ্শ কৰিলে ভিতৰুৱা গাওঁসমূহ।খেতি বাতি কৰাৰ ওপৰি গঞাই বেপাৰ সমাৰ কৰি কিছু উপৰঞ্চি আয় কৰিব জনা হল। তুলনামূলক ভাৱে নিৰক্ষৰৰ হাৰো কমিল।নতুন প্ৰজন্মৰ প্ৰায় সংখ্যক সাক্ষৰ হল বুলিব পাৰি।কিন্তু তথাপিও সামগ্ৰিক ভাৱে গাওঁবোৰ উন্নতিৰ মুখ দেখিছে বুলি থাউকতে কব পৰা নাযায়।সেই একেই আগৰ গাৱঁলীয়া খাৱন শোৱন,পিন্ধন উৰণ,আগৰ জীৱন প্ৰণালী আমি তাহানি অতিবাহিত কৰা দিনৰ দৰে। আগতে বানত ৰেচনৰ চাউল পাইছিল,এতিয়া বিনামূলীয়া চাউল দুখীয়া নিচলাই পাই থাকে মাহটো তৰিবলৈ।পাৰ্থক্য ইমানেই।

গাওঁবোৰ কেনেকুৱা বুলি এতিয়া যদি আমাক কোনোবাই প্ৰশ্ন কৰে তেতিয়া বিনা দ্বিদ্বাই আমি একেষাৰে কব পাৰোঁ যে_গাওঁবোৰ তেনেকুৱাই;আগৰ দৰেই আছে। মাত্ৰ বাঁহ কাঠৰ খুটাৰ বদলি পকী খুটা হল।খেৰৰ চালিৰ পৰিৱৰ্তে টিনপাত হল। কিন্তু অৰ্থনৈতিক ভাৱে এতিয়াও জুৰুলা। গ্ৰাম্য অৰ্থনীতিৰ আমূল পৰিৱৰ্তন নোহোৱা পৰ্য্যন্ত দেশে ত্ৰিলিয়ন ডলাৰ ইকনমিৰ কথা কোৱাতো অবান্তৰ।নগৰ মহানগৰৰ কৰ্পোৰেটৰ দুনিয়াখন দ্ৰুতগতিত আগবঢ়াৰ লগতে দেশৰ গ্ৰাম্য অৰ্থনীতিকো ত্বৰান্বিত কৰিব পাৰিব লাগিব চৰকাৰখনে:তেহে দেশ প্ৰগতিৰ পথত অগ্ৰসৰ হৈছে বুলি আমি বুকু ফিন্দাই কব পাৰিম।

   অসম চৰকাৰে জিলাসমূহৰ লগতে কিছুমান মফচলীয়া জেগা সমষ্টি ভিত্তিক উপ-জিলা কৰিছে হয়,কিন্তু এয়া বাস্তৱসন্মত সিদ্ধান্ত হয় নে নহয় সময়েহে কব।অৰ্থনৈতিক ভাৱে স্বাৱলম্বী নকৰি পিছ পৰি থকা কিছু অঞ্চল সামৰি উপ-জিলাৰ কেটেগৰীলৈ আনি ৰাজহ,কৰ,উপভোক্তাৰ কৰ আদি বৃদ্ধি কৰি সেই অনুন্নত অঞ্চলৰ ৰায়তৰ মূৰৰ ওপৰত ৰাম টাঙোন শোধোৱা যেনহে লাগিছে।জিলাৰ আওতালৈ আনি কৰ কাটল বৃদ্ধি কৰাৰ আগতে সেই সেই ঘোষিত অঞ্চলবোৰৰ লিভিং ষ্টেণ্ডাৰ্ড কিমান সেই দিশটোও লক্ষ্য কৰিব লাগিব।

যধে মধে উপ-জিলা ঘোষণা কৰি ৰেভিনিউ চিষ্টেমটো চৰকাৰী নথি পত্ৰত সোমোৱাই ৰাইজৰ মূৰত আৰু বেছি কৰৰ বোজা জাপি দিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনাহে অধিক! কাজেই, চৰকাৰে কাগজে কলমে জিলালৈ উন্নীত কৰাৰ আগতে সেই সেই অঞ্চলবোৰৰ আন্তঃৰ্গাঁঠনি উন্নত কৰি সামগ্ৰিকভাৱে উণ্ণয়ণ সাধন কৰাত বেছি গুৰুত্ব প্ৰদান কৰি প্ৰথম আৰু প্ৰাথমিক কৰ্ম আচঁনি তৈয়াৰ কৰাতো উচিত।কিবা এটা লোৱাৰ আগতে কিবা এটা আগতেই দিয়াৰ ব্যৱস্থা কৰিব লাগে;তেহে পৰিকল্পনাৰ ভাৰসাম্যতা ৰক্ষা পৰিব আৰু অনাগত দিনত নিয়াৰিকৈ কাৰ্য্য পৰিচালনা কৰাত সুবিধা হব।

  আমি দেশৰ অৰ্থনৈতিক গতি বিধি ভালকৈ অধ্যয়ন নকৰাকৈ হাৱাত ত্ৰিলিয়ন ডলাৰ ইক'নমিৰ কথা কওঁ। আমি গ্ৰাম্য অৰ্থনীতিক টনকিয়াল নকৰাকৈ নগৰীকৰণ কৰিবলৈ মন মেলো বাবে আমাৰ আচঁনিবোৰ অপৰিকল্পিত ৰূপত দশক দশক ধৰি চন পৰি ৰৈ যায়। সুপৰিকল্পিত আচঁনিহে ফলপ্ৰসূ হয়,লগতে সুদূৰ প্ৰসাৰী প্ৰভাৱ থাকি যায়।বিপৰীতে মন মস্তিৰে হঠাতে কৰা অপৰিকল্পিত সিদ্ধান্তবোৰ হিতে বিপৰীতহে হয়।তেনে সিদ্ধান্ত এক প্ৰকাৰ টোঘলকী সিদ্ধান্ত।

     হস্তীক সম্পূৰ্ণ ৰূপে দৰ্শন কৰিব পাৰিলেহে হস্তীৰ প্ৰকৃত ছবিখন আঁকিব পাৰি।অন্ধৰ হস্তি দৰ্শনৰ দৰে সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰাৰ ফলত আজি পিছ পৰা দুখীয়া গঞা ৰাইজে ৰাস্তাত মিছিল বাহিৰ কৰি প্ৰতিবাদ সাব্যাস্ত কৰিব লগা হৈছে।ইয়াৰ জলন্ত উদাহৰণ লখিমপুৰ জিলাৰ অন্তৰ্গত ঘূনাসুঁতি আৰু সুদূৰ সোৱনশিৰি অঞ্চলৰ বিশখন গাওঁক সামৰি ঢকুৱাখনা, উত্তৰ লখিমপুৰ, ৰঙানদী,এই তিনিখন সমষ্টি পাৰ কৰাই নি একেবাৰে নাওবৈচালৈ ঠেলি পঠিওৱা অবিবেচক কাৰ্য্য।

     ৰাজনৈতিক অভিষ্ট সিদ্ধিৰ বাবেই হওক,ভৌগোলিক জ্ঞানৰ অভাৱেই হওক বা জনগাঁঠনিৰ জ্ঞানৰ অভাৱেই নহওক কিয়, সমষ্টি পুনৰ্গঠনৰ নামত সেই সেই অঞ্চলৰ নিৰীহ জনতাক অন্যায় কৰা হৈছে বহুত;আৰু এই অন্যায় অমানৱীয় আৰু অক্ষমণীয়।কিমাধিকমিতি।


ফোনঃ ৯৬৭৮০০৫০৫৮


Doksiri দকচিৰি, অক্টোবৰ, ২০২৩

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages