শিক্ষক, লেখক ভৱ দলেৰ এক চমু জীৱন পঞ্জী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

শিক্ষক, লেখক ভৱ দলেৰ এক চমু জীৱন পঞ্জী

 


শিক্ষক, লেখক ভৱ দলেৰ এক চমু জীৱন পঞ্জী…


 দুষ্যন্ত নৰহ



প্ৰস্তাৱনাঃ

 সাধাৰণ মানুহৰ জীৱনৰ পৰাও  আমাৰ শিকিবলগীয়া 

বহুত থাকে।‌ কিন্তু সাধাৰণ মানুহৰ জীৱনৰ পৰা আমাৰ শিকা নহয় কিয়নো সাধাৰণ মানুহৰ জীৱনৰ অধ্যায়বোৰ অপ্ৰকাশিত অৱস্থাত থাকে। সেয়ে আমি ভাৱো সাধাৰণ মানুহৰ জীৱনৰ অপ্ৰকাশিত অধ্যায়বোৰো প্ৰকাশৰ ব্যৱস্থা কৰিব লাগে যাতে আলোকৰ সন্ধানত ব্ৰতী হৈ থকা নৱপ্ৰজন্মই জীৱন নৈত কেন্দ্ৰীভূত হৈ থকা ইতিবাচক-নেতিবাচক, যোগ-বিয়োগ সকলো ঘটনা-পৰিঘটনাবোৰ তুলাচনীৰে জুখি জীৱনৰ মমাৰ্থ উপলব্ধি কৰি সঠিক মূল্যায়ন কৰিব পাৰে।‌এনে উদ্দেশ্য সাৰোগত কৰিয়েই শিক্ষক ভৱ দলেৰ জীৱনৰ কিছু মুহূৰ্ত্ত প্ৰকাশ কৰিবলৈ আহোপুৰুষাৰ্থ কৰিলোঁ। সকলো ব্যক্তিৰ সমষ্টিয়েই হ'ল সমাজ। সেয়ে ব্যক্তি বিশেষে নিজা প্ৰচেষ্টাৰ উপৰিও ব্যক্তিত্ব সম্প্ৰসাৰণৰ ক্ষেত্ৰত সামূহিক প্ৰচেষ্টাও নিতান্তই প্ৰয়োজন। 

      এচাম বহু শিক্ষিত মানুহ আছে কেৱল নিজক লৈয়ে চিন্তিত সমাজৰ কোনো কাম-কাজক লৈ তেওঁলোক চিন্তিত নহয়। আন এচাম মানুহ আছে নিজৰ লগতে পৰিয়ালক ভৰণ-পোষণ দিয়াৰ উপৰিও সমাজলৈ কিবা এটা দি থৈ যাব বিচাৰে। সাধাৰণতে তেনে চাম মানুহবোৰ পাছলৈ মৰিও অমৰ হৈ থাকে। তেনে চামৰ মানুহৰ শাৰীতে দলেদেৱকো ৰাখিব পাৰি। ব্যস্তময় জীৱনৰ পৰিক্ৰমাত মানুহৰ উশাহ-নিশাহ ল'বলৈ আহৰি নাথাকে।‌তেনেসময়তে দলেদেৱে সময়ৰ সুৰুঙা উলিয়াই বিভিন্ন সামাজিক কাম-কাজত জড়িত থকাৰ উপৰিও সৃষ্টিশীল সাহিত্যৰ পথাৰখনকো সমৃদ্ধিশালী কৰি ৰাখিছে। দলেদেৱৰ সৃষ্টিৰ দীঘলীয়া পৰিক্ৰমা দেখিলে কোন সময়ত কেনেকৈ তেখেতে সৃষ্টিৰ পথাৰখনক সমৃদ্ধিশালী কৰি ৰাখিছে সেই কথা জানিবলৈ পাঠক সমাজৰ নিশ্চয় ইচ্ছুক হ'ব।‌


প্ৰাথমিক শিক্ষাঃ

১৯৭৮ চনত ২৪৪নং লামুচুক প্ৰাথমিক  বিদ্যালয় পৰা দলেদেৱে প্ৰাথমিক শিক্ষা গ্রহণ কৰে। উচচ প্ৰাথমিক অৱনৰি জনজাতি হাই স্কুলৰ পৰা উচ্চ প্ৰাথমিক শিক্ষা সাং কৰি ১৯৮৩ চনত  গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত  অষ্টম শ্রেনীত নামভৰ্তি কৰে । এইখন  বিদ্যালয়ৰ পৰাই তেখেতে ১৯৮৫ চনত  হাইস্কুল শেষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। গোগামুখ মহাবিদ্যালয় পৰা ১৯৮৯ চনত তেখেতে  উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ গোগামুখ মহাবিদ্যালয়ত স্নাতকৰ কলা শাখাত নামভৰ্তি কৰে আৰু এইখন মহাবিদ্যালয়ৰ পৰাই ১৯৯৪ চনত তেখেতে স্নাতক ডিগ্ৰী লাভ কৰে।


কৰ্মজীৱনঃ

লামোচুক সৰিয়নী  ৰাইজৰ সহযোগত ১৯৯২ চনত লামুচুক সৰিয়নী হাই স্কুল(বে-চৰকাৰী) স্হাপিত হয়। উক্ত বিদ্যালয়ত  দলেদেৱে সহকাৰী শিক্ষকৰ পদত নিযুক্তি লাভ কৰে। তেনেকৈয়ে তেখেতে কৰ্ম জীৱন আৰম্ভ কৰি ১৯৯৪ চনৰ ৩০ জুন তাৰিখে লখিমপুৰ জিলাৰ  চোমনি মেদক প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ শিক্ষক ৰূপে যোগদান কৰে । কাৰিকৰী কিছু অসুবিধাৰ বাবে দুমাহ মান পিছত ২৪৪ নং লামোচুক  প্ৰাথমিক বিদ্যালয়লৈ তেখেত বদলি হৈ আহে আৰু তাৰ 

লগে লগে লখিমপুৰৰ আজাদত থকা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত এবছৰীয়া আবাসীক প্ৰশিক্ষণ লৈ  ১৯৯৬ চনত তেখেত প্ৰথম বিভাগত উতীৰ্ণ হবলৈ সক্ষম হয়।  এইখন বিদ্যালয়তে তেখেতে কেইবছৰমান  প্ৰধান শিক্ষকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰে। বিভিন্ন কাৰণবশত:  তেখেত ২০০৫ চনত    ধেমাজি জিলাৰ  ৮১৫ নং লটাক প্ৰাথমিক বিদ্যালয়লৈ বদলি হৈ আহে ।  পিছত তেখেতে এইখন বিদ্যালয়ৰ পৰাও বদলি হৈ আহি ২০১৫ চনৰ ৬ এপ্ৰিল তাৰিখে ধেমাজি জিলাৰে সবাতোকৈ পিছপৰা মিচিং জনজাতি গাঁও ৰতুৱা মিচিং গাঁৱৰ ৪৫৮ নং ৰতুৱা পথাৰ প্ৰাথমিক বিদ্যালয়ত  সহকাৰী শিক্ষক ৰূপে পুনৰ কৰ্মজীৱনৰ পাতনি মেলে ।‌ শিক্ষাৰ পোহৰ নপৰা এইখন গাঁৱৰ শৈক্ষিক পৰিৱেশৰ ওপৰত অধ্যয়ন কৰি গুণগত শিক্ষা প্ৰদানত তেখেতে আত্মনিৱেশ কৰে।অশিক্ষিত অভিভাৱকসকলকো কেনেকৈ শিক্ষিত কৰি তুলিব পাৰি তাৰ বাবেও তেখেতে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰি আহিছে।‌


সামাজিক জীৱনঃ

          ছাত্র অৱস্থাৰ পৰাই দলেদেৱে সমাজৰ বিভিন্ন কাম-কাজত জড়িত হৈ  আহিছে ।‌ তেখেত গোগামুখ মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাতেই ছাত্র একতা সভাৰ মুখপাত্ৰ "গোগামুখ মহাবিদ্যালয় আলোচনী"  সম্পাদনা কৰো। ১৯৯১ চনত গোগামুখ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পদ অলংকিত কৰি ছাত্র সমাজক নেতৃত্ব প্ৰদান কৰে। মিচিং সমাজৰ অন্যতম ছাত্ৰ সংগঠন  সদৌ মিচিং ছাত্র সন্থাৰ১৯৭১ চনত গঠিত হয়। উক্ত সংগঠনত (ক)১৯৯১ চনত অৱনৰি আঞ্চলিক মিচিং ছাত্র সন্থাৰ সভাপতিৰ দায়িত্ব পালন কৰে।১৯৮৯ চনত ঢকুৱাখনা জিলা মিচিং ছাত্ৰ সন্থাৰ আলোচনী"গম্পদ" সম্পাদনা কৰে।১৯৯২ চনত সদৌ মিচিং ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আলোচনী সম্পাদক ৰূপে নিৰ্বাচিত হৈ মিচিং জনগোষ্ঠীৰ আত্মনিৰ্ভৰশীল সংগ্ৰামত তেখেত যোগদান  কৰে। তেখেতে ১৯৯৬-১৯৯৭ চনত অৱনৰি মিচিং মিমাগ কেবাং (মিচিং সংগ্ৰাম সমিতি)ৰ সভাপতিৰ দায়িত্ব পালন কৰে। মিচিং সাহিত্য সভা অৱনৰি BAK ৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি ১৯৯৭ চনৰ পৰা ১৯৯৯ চনলৈ মিচিং জনগোষ্ঠীৰ ভাষাৰ উন্নতি সাধন কৰিবলৈ তেখেতে আহোপুৰুষাৰ্থ কৰিছিল। গোগামুখস্হিত মিচিং ভাষা সংস্কৃতি গৱেষণা কেন্দ্ৰত তেখেতে  সাধাৰণ সম্পাদকৰ পদত প্ৰায় ২০০৭ চনৰ পৰা পাঁচ বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। মিচিং জনগোষ্ঠীৰ ভাষাৰ উন্নতিৰ অৰ্থে ১৯৭২ চনৰ ১৮ এপ্ৰিলত দিচাং মুখত গঠিত মিচিং আগম কেবাঙ (মিচিং সাহিত্য সভা)ৰ সহকাৰী সম্পাদক ৰূপত ১৯৯৯ পৰা ২০০৩ চনলৈ (দুটা কাৰ্যকালৰ বাবে) তেখেত নিৰ্বাচিত হৈছিল । তাৰোপৰি ২০১২ পৰা ২০১৬ চনলৈ (দুটা কাৰ্যকালৰ বাবে) তেখেত কোষাধক্ষ পদত মনোনীত হৈছিল। মিচিং ভাষাৰ উপৰিও অসমীয়া ভাষা-সাহিত্য উন্নতিৰ কাৰণে দলেদেৱে কঠোৰ পৰিশ্ৰম কৰি আহিছে আৰু ভৱিষ্যতেও কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰিছে। ধেমাজি জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বি-বাৰষিক অধিৱেশন ২০০৬ চনৰ ২৫ আৰু ২৬ মেত অনুষ্ঠিত হৈছিল। উক্ত অধিৱেশনৰ আদৰণী সমিতিৰ সম্পাদকৰ দৰে গুৰু দায়িত্ব বহনেৰে অধিৱেশনখনি সফল কৰি তেখেতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল । তেখেতে ধেমাজি জিলাৰ পৰা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাজ্যিক সদস্য হিচাপেও ২০১৭ চনত নিৰ্বাচিত হৈছিল আৰু সন্মিলনীৰ লক্ষ্য উদেশ্য আগুৱাই নিয়াত তেখেত বহুক্ষেত্ৰত সফলতা লাভ কৰিছিল।

        শিক্ষকৰ দৰে গুৰুত্বপূৰ্ণ চৰকাৰী পদৱীত নিযুক্তি লাভ কৰিও মিচিং জনগোষ্ঠীৰ বিভিন্ন জাতীয় সংগঠনৰ লগত জড়িত হৈ তেখেতে সাহিত্য -সংস্কৃতিৰ লগত নিৰবিচ্ছিন্ন প্ৰচেষ্টাৰে ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য চৰ্চা অব্যাহত ৰাখিছে । তেখেতৰ ১৯৯০ চনত প্ৰকাশিত ঙক মে:তম নামৰ কাব্যগ্ৰন্হ খনেই মিচিঙৰ প্ৰথম 

কাব্যগ্ৰন্থ  । তেখেতে লিখা অসমীয়া আৰু মিচিং ভাষাৰ  গ্ৰন্থ সমুহ হ'ল - 

( ১) ঙক মে:তম (মিচিং কবিতা পুথি)  ১৯৯০  চন ।

(২) দ:লুং চুময় (মিচিং একাংকিকা)  ১৯৯১ চন ।

(৩) মিচিং সংস্কৃতিৰ পথাৰে পথাৰে    ১৯৯৩    চন ।

(৪) শিল্পী গনেশ পেগুৰ সান্নিধ্যত       ১৯৯৩ চন।

(৬) মিচিং শব্দ ভাণ্ডাৰ                       ১৯৯৪ চন।

  (৬) মিচিং কুইজ          ‌ ‌                  ১৯৯৫ চন।

(৭) দ:লুং চুময়                                 ২০০১ চন।

  (৮) কিনগ-২০০৫(সাধাৰণ জ্ঞান)      ২০০৫ চন।                           

   (৯)কিনগ-২০১৫ (সাধাৰণ জ্ঞান )।  ২০১৫ চন।                       

  (১০) ম:ৰে (মিচিং গল্প)।              ২০১৬ চন।

   (১১) দ:চগ গাচুম(মিচিং  নাটক)   ২০১৬ চন ।                     

   (১২) কিনগ-২০২১(সাধাৰণ জ্ঞান ), ২০২১ চন।                     

   (১৩) গমপিৰ চ:পন(মিচিং কবিতা) ২০২৩ চন ।

     (১৪) গমচাৰ গাচুম (মিচিং প্ৰবন্ধ) ২০২৩  চন।

                 তেখেতৰ দ্বাৰা সম্পাদিত গ্ৰন্থসমূহ হ'ল -

(১) গম্পদ (মুখপাত্ৰ) ঢকুৱাখনা জিলা মিচিং ছাত্ৰ সন্থা,  ১৯৮৯ চন।

(২) গোগামুখ মহাবিদ্যালয় আলোচনী , ১৯৯০ চন।

(৩) মিচিং মহিলা অভিৱৰ্তনৰ স্মৃতি গ্ৰন্থ, ১৯৯০ চন।

(৪) দ:য়ৃং(গল্প) মিচিং  সাহিত্য সভা , ২০০৩ চন।                      

(৫)লৃ:লেন (স্মৃতি গ্ৰন্থ) গোগামুখ দৃৰবৃ কেবাং, ২০০৫ চন।

(৬)অৰিয়নী( স্মৃতি গ্ৰন্থ)দ:ঞি-প:ল নাট্য সংঘ, ২০১০ চন।

(৭) মিচিং আকতৌং দ:চগ(একাংকিকা) MAK ২০১২ চন।

(৮) মিচিং আকতৌং দ:চি(একাংকিকা)MAK  ২০১৫ চন।

(৯) মিচিং সাহিত্য সভাৰ বুৰঞ্জী ( যুটীয়া ভাবে) ২০১৬ চন।

(১০)অৰিয়নী-ii প:ৰাগ স্মৃতি গ্ৰন্থ(লামোচুক সৰিয়নী )                 ২০২৩ চন।

        ইয়াৰ উপৰিও অসমীয়া আৰু মিচিং ভাষাৰ বিভিন্ন আলোচনী, স্মৃতিগ্ৰন্থ,ই-মেগাজিন আদিত তেখেতৰ গল্প, কবিতা , প্ৰবন্ধ,অনু গল্প, গল্প মিচিং ভাষাত প্ৰকাশিত ৰূপত আছে।

     

  মিচিং ভাষাৰ পাঠ্যপুথি প্ৰনয়নঃ

          

SCERT আহবানত SCERT Conference Hall ত

  ২০০৬ চনৰ ১৯/৭/০৬ পৰা ২৪/৭/০৬ 

তাৰিখলৈ তৃতীয় শ্ৰেণীৰ  মিচিং ভাষাত পাঠ পুথি ' Ngoluk Potin'  তাৰোপৰি ২০১৩ চনত ৩ মে পৰা ১০ মে আৰু ৪ জুনৰ পৰা ১০ জুনলৈ প্ৰথম শ্ৰেণীৰ বাবে "Nginsang "নামৰ পাঠ পুথিৰ প্রনয়নৰ  কৰ্মশালাত তেখেতে 

অংশগ্ৰহণ কৰে। মিচিং আগম কেবাঙৰ উদ্যোগত গোগামুখস্হিত আগম মিগাং নাহেন্দ্ৰ পাদুন পুথিভঁৰালত ০৬/০৫/২০২৩ ৰ পৰা ১০/০৫/২০২৩ তাৰিখলৈ অনুষ্ঠিত হোৱা  পাঁচদিনীয়া 'workshop on transportation of text book of pre-primary & Primary classes under the guidance of SCERT, ত তেখেতে অংশগ্ৰহণ কৰে। ৫/৩/২০২৪ তাৰিখৰ পৰা ১২/৩/২০২৪ তাৰিখলৈ SCERT নিৰ্দেশাৱলী মৰ্মে  মিচিং সাহিত্য সভাৰ তত্বাৱধানত গোগামুখস্হিত আগম মিগাং  নাহেন্দ্ৰ পাদুন পুথিভঁৰালত মিচিং ভাষাৰ ক-শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীৰ পাঠ্যপুথি প্ৰস্তুত কৰা কৰ্মশালাতো তেখেতে অংশগ্ৰহণ 

কৰে। 



মিচিং ভাষা পৰীক্ষাঃ

     মিচিং সাহিত্য সভাৰ  উদ্যোগত সময়ে সময়ে মিচিং ভাষা পৰীক্ষা অনুষ্ঠিত হৈ আহিছে। ২০০২ চনত অনুষ্ঠিত হোৱা মিচিং ভাষাৰ পৰীক্ষাত "Answer Script" ৰ  Examiner" হিচাপে ,  ২০১৫ চনত অনুষ্ঠিত মিচিং ভাষা পৰীক্ষাত  "Evaluation of answer scripter,  2021-22 চনৰ মিচিং ভাষা পৰীক্ষাত  "Scrutinizer"  হিচাপে তেখেতে দায়িত্ব সমাপন কৰে।


বিদ্যালয়ৰ নথিঃ

            ধেমাজি জিলাৰ আটাইতকৈ পিছপৰা মিচিং গাঁও হ'ল ৰতুৱা । এইখন গাঁৱত ১৯৩৬ চনত স্থাপিত হৈছিল ৪৫৮ নং ৰতুৱা পথাৰ প্ৰাথমিক বিদ্যালয়। তেখেতে এইখন বিদ্যালয়ত ২০১৫ চনৰ ৬ এপ্ৰিল তাৰিখে যোগদান কৰাৰ পিছত ২০১৫-২০১৬ বৰ্ষত মিগম কুলি,২০১৬-২০১৭ বৰ্ষত যতীন কুলি, নবীন কুলি, ২০১৮-২০১৯ বৰ্ষত সংগীতা কুলি,ডাইমণ্ড টাইদ আদি কেইবাজনো ছাত্ৰই মুখ্য মন্ত্ৰী বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হৈ বিদ্যালয়ৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। তাৰোপৰি ২০২৩-২০২৪ বৰ্ষত অসম চৰকাৰৰ দ্বাৰা পৰিচালিত গুণোসৱত বিদ্যালয়খনে A+  গ্ৰেড লাভ কৰি গাঁৱৰ লগতে ধেমাজি জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। আনহাতে ২০২৩-২০২৪ বৰ্ষত  সমগ্ৰ শিক্ষা, ধেমাজিৰ উদ্যোগত শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি আৰু শ্ৰেষ্ঠ মাতৃ গোট বঁটা পাবলৈও সক্ষম হয়।


নাট্যকাৰ আৰু অভিনয়ঃ

              আশী -নববৈ দশকত লামোচুক সৰিয়নী গাঁৱত দ:ঞি-প:ল নাট্য সংঘৰ দ্বাৰা প্ৰতি বছৰে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত হৈছিল। তেখেত কেইবাবছৰ ধৰি নন্দ ৰজাৰ বেশত অভিনয় কৰিছিল । ইয়াৰ উপৰিও তেখেতে ভিন্ন স্বাদৰ নাটক লিখি গাঁৱত নিজেও অভিনয় কৰাৰ লগতে নাট মঞ্চস্থও কৰি আহিছে।‌


বিভিন্ন সংগঠনৰ সম্বৰ্ধনাঃ

                 

সমাজৰ উত্তৰণৰ হকে  আগবঢ়োৱা বিভিন্ন কাম-কাজৰ বাবে   মিচিং জাতিৰ একমাত্ৰ ছাত্ৰ সংগঠন  "টাকাম মিচিং পৰিণ কেবাং (TMPK) ৰ  অৱনৰি বাংকেৰ ২০১৬  চনৰ ২১,২২ আৰু ২৩ চতুৰ্দশ দ্বি -বাৰ্ষিক অধিবেশনত তেখেতক সম্বৰ্ধনা জনোৱা হয়। অৱনৰৰি কনিষ্ঠ মহাবিদ্যালয় পৰিয়ালৰ পৰাও তেখেতক সম্বৰ্ধনা জনোৱা হয়।


সাংবাদিক জীৱনঃ

              উত্তৰ লখিমপুৰৰ পৰা প্ৰকাশিত" নতুন বাতৰি" আৰু যোৰহাটৰ পৰা প্ৰকাশিত মিচিং বাতৰি "আনু আগম" কাকতৰ গোগামুখৰ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰি দলেদেৱে সংবাদ ক্ষেত্ৰখনলৈও অৰিহণা যোগাবলৈ সক্ষম হয়। 




সামৰণিঃ

এই আলোচনাৰ পৰাই পাঠক সমাজে নিশ্চয় দলেদেৱৰ ব্যক্তিত্ব সম্পৰ্কে উপলব্ধি কৰিব পাৰিছে।  শেষত আমি ক'ব পাৰোঁ দলেদেৱ একাধাৰে কবি, লেখক, সমাজ সংগঠক, সাংবাদিক আৰু সু-শিক্ষক। তেখেতে অতিকৈ পিছপৰা অঞ্চলত অৱস্থিত ৰতুৱা পথাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছৰ পৰাই এইখন বিদ্যালয়ৰ পৰা কেইবাটাও শিক্ষাবৰ্ষত কেইবাগৰাকী ছাত্ৰই বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু বিদ্যালয়খনে গুণোৎৱত A+ গ্ৰেড লাভ কৰিছে। তাৰোপৰি বিদ্যালয়খনে  জিলাভিত্তিত শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি আৰু শ্ৰেষ্ঠ মাতৃ গোটৰ বঁটা লাভ কৰিবলৈও সক্ষম হৈছে। ইয়াৰ পৰাই আমি অনুমান কৰিব পাৰোঁ যে শিক্ষকতাৰ কামতো দলেদেৱে কোনো সামাজিক অথবা ব্যক্তিগত কাম-কাজত আপোচ কৰা নাই।‌ মই আগে উল্লেখ কৰি আহিছোঁ যে ব্যক্তিৰ ব্যক্তিত্বক সম্প্ৰসাৰণ ঘটাবলৈ সামূহিক প্ৰচেষ্টাৰো প্ৰয়োজন। দলে দেৱে সমাজৰ বাবে কৰি অহা কামবোৰৰ সঠিক মূল্যায়ন হওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages