বহাগ তোমাৰ আগমনত
দীপিকা ফুকন
চুঙাজান, গোলাঘাট
শুভ্ৰ চাদৰ এখন.....
তাৰে আবুৰত থাকে তোমাৰ
ৰাঙলী ৰহণ
আমৰ ফেৰেঙনিত
ৰূপহী কপৌৰ পাহি
কাকিণী তামোলজোপাত ভাটৌ
ঢোল টকা পেঁপাৰ গুমগুমণি
জপা খুলি ওলাল
ধনাই-ৰূপহীহঁতৰ মুগাৰিহা টঙালি
খুবলিত চিৰা সান্দহ
তত নাইকীয়া মাহী পেহী খুড়ী হঁতৰ
বিহুলৈ নাই বেছি পৰ
বৰহমথুৰী অতীত যদিও
দুহাত শুৱনি কৰি
জেতুকাৰ আবিৰ
পঘাৰ জোখাৰে 'তৰা' বোৰ পুৰঠ
দীঘলতী মাখিয়তী
ভৰত হেন্দুলিয়াই
খাল ডোং ভৰিল
লাও-কেৰেলা-বেঙেনাৰো প্ৰয়োভৰ
আদৰত হ'ব গৰুবোৰ বৰ
গাঁৱৰ নামঘৰত
ডেকা-বুঢ়াই জুৰিব হুঁচৰি
হিয়া জুৰ পেলাবলৈ আহিলে ৰঙালী।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৪
No comments:
Post a Comment