উপৰি পাওনা
গাৰ্গী ভূঞা
যোৰহাট
নৈখনৰ আজন্ম প্ৰেমিকা মই কোনোদিন নাছিলোঁ
পাৰলৈ গ'লে কেৱল উপভোগ কৰিছিলোঁ
মিঠা যেন লগা সেই পৰিবেশ...!
ক্ষন্তেকৰ প্ৰশান্তি মোৰ পাওনা আছিল
নহ'লে! সৃষ্টিৰ কাপত কৰাল বান্ধিছিল
পানীৰ ওপৰত যি পুণিৰ দৰে ওপঙি আছিল
এমুঠি জাবৰ...
এচলা টিনপাত...
এপাত ছেণ্ডেল...
মৰহা কাঠৰ টুকুৰা
আৰু মৰা গাত পানী পাই পৃথিৱী চাবলৈ কেঁচুৰ দৰে ওলাই অহা
কণমনী সেউজীয়া...!
পানীত ওপঙি থকা সুখ-দুখৰ সেই এপইচীয়া মুদ্ৰাবোৰ
কেতিয়াও মোৰ বিষয় নাছিল
আজি পিছে দুয়োটা চকুৰে নৈখনক চালোঁ
তাৰপাছত হাজাৰটা চকুৰে...
খন্তেকিয়া প্ৰশান্তিৰ লগতে
যি উপৰি পাওনা পালোঁ
যে নৈখনৰ প্ৰেমিকা মই নহৈ নোৱাৰিলোঁ
Doksiri দকচিৰি, এপ্ৰিল, ২০২৪
No comments:
Post a Comment