সাদৰী প্ৰেয়সী মোৰ
ৰুদ্ৰ সিংহ মটক
আজাৰা, গুৱাহাটী
সাদৰী প্ৰেয়সী মোৰ
তোমাৰ বুকুৰ কুশল বাৰ্তাৰ বাবেই উন্মুখ
মোৰ প্ৰতিটো দিন হিয়াৰ সেউজীয়া চৰাইহাল
কুঁৱলীবোৰ লাহে লাহে আঁতৰি গৈছে
বতাহে কঁপোৱা নাৰিকলপাতৰ ফাঁকেদি দিগন্তৰ সিপাৰৰ শিলৰ সাগৰলে’
শেষ শীতৰ জঠৰ জৰায়ুত লহপহীয়া ৰ’দৰ বেলিৰ ভ্ৰুণ
ইচাটি-বিচাটি মোৰ গা-ভাৰী আকাশ
খঙে-ঘামে জলা-কলা ময়ো কাতিৰাম কাইটিহঁতৰ স’তে
কঁকালত তৰা-টঙালি বান্ধিছো এইবেলি
দুখৰ ডাঙৰিবোৰ এইবাৰ ডাঙৰীয়াৰ চোতাললে নহয়
নিজৰ ভঁৰাললেহে আদৰি আনিম তেজ-লগা কান্ধৰ হোলোঙাত
প্ৰেয়সী মোৰ, আকাশখন তোমাৰ হাতৰ ৰ’দৰ চিঠিৰ দৰেই উজলি উঠিছে
ক্ৰমে ক্ৰমে,
পাৰিলে তুমিও আহিবা হালি পৰা আবেলি
কুহুমবুলীয়া ৰুণ দিয়া ফুটুকীয়া কপৌজাকৰ স’তে
মেজিৰ জুইৰ দৰেই উচ্চল হাঁহি-উছৱৰ গধুলি
বুকুৰ ৰাইজখনৰ স’তে লগে-ভাগে খাম মাণিকী-মধুৰী
ভোগালীৰ এসাজ
Doksiri দকচিৰি, মাৰ্চ, ২০২৫
No comments:
Post a Comment