ৰাতি
ববী দত্ত
বৰষুণ দিছে , বৰষুণ !
বৰষুণত দৌৰি পলাইছে ৰান্ধনিশালৰ পোহৰ।
ৰাতিৰ ভৰিত জুনুকা বন্ধা আছে
সেইবাবেই জুনুকাৰ শব্দত ৰাতিবোৰ ধৰা পৰে।
সৌৱা “গাঁঠিৰ গুৱাৰে সন্তুষ্ট” হোৱা হৃদয় বেচা কিনা কৰা ঠাই
হৃদয়বোৰ বেতনি হ’ল
অলপ বেতগাজ লৈ ললে কেনে হয়? ৰাতিৰ সাজত কামত আহিব পাৰে।
ৰাতিয়ে বিচাৰিছিল মঙহ
ৰাতিয়ে বিচাৰিছিল অৰ্থ
ৰাতিয়ে বিচাৰিছিল গোন্ধ
ৰাতিৰ কুনকুননিত মঙহৰ অৰ্থৰ গোন্ধ আছে।
ফুলশয্যাৰ ৰাতিবোৰ কুহুমীয়া হোৱাৰে পৰা
ওঁঠৰ একৈয়া বোটলা হাঁহিবোৰ গলিবলৈ ধৰিলে
ছপোন-চবুৰি আশাৰে
আন্ধাৰৰ ব্লাউছ খুলি
ঘনাই দুলিছে হতাশাৰ তপত বুকু
পোহৰে পখালিছে গাভৰু বেলিৰ কমলাৰঙী মুখ
ৰাতিটোক আঁদৰি ননাকৈ সাগৰফেনাৰ সংগমত অভ্যস্ত নামী বেশ্যাবোৰ
ৰাতি গৰ্ভাৱতী হয়
ৰাতিয়ে জন্ম দিয়ে এলাবাদু উশাহ
লালন পালনত স্বাস্থ্যবান হৈ পৰে এঙেৰুৱা ৰাতি
তামৰঙী কুধঞ্চ জীৱনৰ দৰে।
যুগ যুগ ধৰি ৰাতিৰ এঁৱা সূতা কাটি ৰং ঘঁহা মানুহবোৰৰ অবিৰত যাত্ৰা বৰষুণলৈ
আৰু হাতত ওলমি থাকে এটা কঁকিলাসজীয়া
ক’লা ছাতি।
ঠিক অনাকাংক্ষিত গোবৰ-নেজী ৰাতিটোৰ দৰে!
Doksiri দকচিৰি, মাৰ্চ, ২০২৫
No comments:
Post a Comment