মহান শিল্পী জুবিন গাৰ্গৰ জীৱনৰ সোণালী যাত্রা জীৱ-জন্তুৰ প্ৰতি অপৰিসীম মৰম
দীপ্তি ঠাকুৰ গোস্বামী
(অষ্টম খণ্ড)
আমি এখন সুন্দৰ পৃথিৱীত থকাৰ কল্পনা কৰিলে মনত এটা ভাবৰ বুৰবুৰণিৰ সৃষ্টি হয় যে আমি অকল মানৱ জাতিৰে এখন সুন্দৰ ধৰা সৃষ্টি কৰিব পাৰিমনে? নাই নোৱাৰোঁ। আমি জীয়াই থাকিবলৈ হ’লে গছ-লতা, তৰু-তৃণ, পশু-পক্ষী সকলোৰে প্রয়োজন। এইবোৰ যদি সংৰক্ষণ কৰি নাৰাখোঁ বা ধ্বংস কৰোঁ তেতিয়া আমি এখন সুন্দৰ পৃথিৱীৰ সৃষ্টি কৰিব নোৱাৰোঁ। যদিহে আমি মর্মে মর্মে উপলব্ধি কৰোঁ পৰুৱাটোৰপৰা হাতীটোলৈকে আমাৰ জীৱনত প্রয়োজন আছে। ইয়াৰ অন্তৰালত যথেষ্ট বিজ্ঞানসন্মত কথা জড়িত হৈ আছে। মইনাহঁত, তোমালোক ডাঙৰ হ’লে এই কথাবোৰৰ যে তাৎপর্য আছে সেয়া নিজেই প্ৰমাণ কৰিব পাৰিবা।
আমাৰ মহান শিল্পী জুবিন গার্গে এটা কথা উপলব্ধি কৰিছিল যে জীৱ-জন্তুৰ অবিহনে এখন সুন্দৰ ধৰাৰ সৃষ্টি নহয় তেওঁ সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ হোৱাৰ লগতে তেওঁৰ এখন মানৱদৰদী হৃদয়ো আছিল। সেয়ে প্রকৃতিপ্রেমীজনৰ জীৱ-জন্তুৰ প্ৰতি অসম্ভৱ মৰম থকাৰ লগতে পশু-পক্ষীৰ প্ৰতি এক যে দায়বদ্ধতা আছিল সেয়া সর্বজনবিদিত। এই সুন্দৰ মনৰ শিল্পীগৰাকী আমাৰ অতি শ্ৰদ্ধাৰ, অতি মৰমৰ। কাজিৰঙা বন্যপ্রাণী পুনৰ সংস্থাপন কেন্দ্র সৈতে তেওঁ দীর্ঘদিন ধৰি সক্রিয়ভাবে জড়িত আছিল। এই কথাবোৰ তেওঁৰ জীৱনৰ কৰ্মবোৰ অধ্যয়ন কৰিলে আমি জানিব পাৰোঁ। তেওঁ প্ৰায়ে পথৰ আঘাতপ্রাপ্ত জীৱ-জন্তুবোৰক আশ্রয় দিছিল আৰু সেৱা-শুশ্রূষা কৰিছিল। অসমৰ বাৰিষাৰ বানপানীৰ সময়ত কাজিৰঙা বা অন্যান্য বনাঞ্চলৰ দুৰ্যোগগ্রস্ত হোৱা সময়ত বিপদত পৰা জীৱ-জন্তুক তেওঁ সহায়ৰ হাত আগবঢ়াইছিল। আশ্রয়হীন আৰু খাদ্যৰ অভাৱত থকা জীৱ-জন্তুক তেওঁ আশ্রয় দিছিল আৰু খাদ্যৰ যোগান ধৰিছিল। তেওঁ বলি প্ৰথাৰ বিৰুদ্ধে মাত মাতিছিল। এনে বহুত সুন্দৰ সুন্দৰ উদাহৰণ আছে। তাৰে এটা সুন্দৰ উদাহৰণ মইনাহত, মই তোমালোকক ক’বলৈ ইচ্ছা কৰিছোঁ - দুষ্প্রাপ্য জীৱ-জন্তুক আমি কিদৰে সংৰক্ষণ কৰি ৰাখিব লাগে তেওঁ ভালদৰে হৃদয়ংগম কৰিছিল। তেওঁ যদি বাটেৰে আহোঁতে কোনো দুষ্ট প্রকৃতিৰ লোকে দুষ্প্রাপ্য কাচ বজাৰত বিক্ৰী কৰিবলৈ অহা দেখি তেওঁ নিজৰ কষ্ট উপার্জিত টকা দি ক্ৰয় কৰি পুনৰ জীৱন দান দি নদীত এৰি দিছিল। তেওঁ কিমান দয়ালু আছিল মইনাহঁত, কল্পনা কৰাচোন। তোমালোকো এনে দয়ালু মনৰ লোক হ’বা দেই। তেওঁ তেওঁৰ পোহনীয়া কুকুৰ, মেকুৰী, হাঁহবোৰক যথেষ্ট মৰম কৰিছিল। সিহঁতৰ সংগই তেওঁক আনন্দিত কৰিছিল।
বনৰ বগলী, বান্দৰ, কাউৰী ইত্যাদিবোৰকো তেওঁ মৰম কৰিছিল, আঘাতগ্রস্ত হ’লে শুশ্রূষা কৰিছিল। আৰু ঘৰত আশ্রয় দিছিল। কেতিয়াবা বগলী ঘৰলৈ আনি শুশ্রূষা কৰা আমাৰ দৃষ্টিত দেখিবলৈ পোৱা নাই। কিন্তু তেওঁ আঘাতপ্রাপ্ত বগলীজনীকো উদ্ধাৰ কৰি শুশ্রূষা কৰিছিল আৰু মৰমতে তাইৰ নাম দিছিল ‘উদাসীনী গার্গ’। তেওঁৰ পোহনীয়া বান্দৰটোৰ নাম আছিল ‘মধুসুদন গাৰ্গ’ আৰু কাউৰীজনীকো মৰমতে ‘কাকু গার্গ’ নাম দিছিল।
মইনাহঁত, তোমালোকে জানানে এই মহান শিল্পীজনাই প্রকৃতিক খুব ভাল পাইছিল। তেওঁ এজন প্রকৃতিপ্রেমী আছিল। এটা কথা তেওঁ হৃদয়ংগম কৰিছিল যে এই সুন্দৰ ধৰাখনৰ সৃষ্টিৰাজিক সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব আমাৰ। যদিহে এই জীৱ-জন্তুবোৰ বিলুপ্ত হৈ যায় মানৱৰো এই পৃথিৱীত বসবাসৰ উপযুক্ত পৰিৱেশ এটা নাথাকিব। গছ-লতা, তৰু-তৃণ, জীৱ-জন্তু, পশু-পক্ষীয়ে এই ধৰাখন সন্তুলিত কৰি ৰাখে। আমি আশাকৰোঁ মইনাহঁত, তোমালোকেও এই প্রকৃতিপ্রেমী মহান শিল্পীজনাৰ আদৰ্শৰে আদৰ্শিত হ’বা আৰু জীৱ-জন্তুৰ প্ৰতি সদায়েই দয়ালু হ’বা তাকেই আশা কৰিলোঁ। আৰু এটা কথা মইনাহঁত জানানে-অসম ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বহু গুণী-জ্ঞানী লোকে তেওঁক সংগীত জগতৰ এজন মহান শিল্পী হোৱাৰ লগতে তেওঁৰ এখন মানৱদৰদী হৃদয় থকাৰ বাবেই যথেষ্ট সন্মান, শ্রদ্ধা কৰে আৰু মৰমেৰে স্বৰ্গগামী হোৱাৰ পিচতো আলিংগন কৰি আছে। আৰু সদায়েই থাকিব তেওঁৰ প্ৰতি এখন শ্ৰদ্ধাৰ শৰাই।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৬


No comments:
Post a Comment