কলেজ শিক্ষক নিযুক্তিৰ পদ্ধতিত ‘API’ ৰ আঁতৰাই এটা উমৈহতীয়া পৰীক্ষাৰ প্ৰয়োজনীয়তা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, August 31, 2026

কলেজ শিক্ষক নিযুক্তিৰ পদ্ধতিত ‘API’ ৰ আঁতৰাই এটা উমৈহতীয়া পৰীক্ষাৰ প্ৰয়োজনীয়তা


 

কলেজ শিক্ষক নিযুক্তিৰ পদ্ধতিত ‘API’ ৰ আঁতৰাই এটা উমৈহতীয়া পৰীক্ষাৰ প্ৰয়োজনীয়তা


নৱ কান্ত পেগু

MSc Physics,NET, B.Ed, M.Ed


    এদিন হাতত আছিল আকাশ চুব খোজা সপোন। বুকুত আছিল জ্ঞানৰ পোহৰ বিলোৱাৰ গভীৰ হেঁপাহ। সেই হেঁপাহৰেই ফচল আছিল নিদ্ৰাহীন নিশাৰ অধ্যয়ন, NET-SLET ৰ কঠিন দেউকা আৰু JRF (Junior Research Fellowship) ৰ দৰে সন্মানীয় স্বীকৃতি। তাৰ পিছত সুদীৰ্ঘ ৪-৫ বছৰৰ কঠোৰ পৰিশ্ৰমেৰে অৰ্জন কৰা ডক্টৰেট (PhD) ডিগ্ৰী। সমাজৰ বাবে তেওঁলোক আছিল ‘উচ্চ শিক্ষিত’, ‘মেধাৱী’। কিন্তু আজি বহু বছৰৰ পিছত, সেই একেখিনি মানুহেই নিজৰ যোগ্যতাৰ প্ৰমাণপত্ৰবোৰ হাতত লৈ নীৰৱে চকুলো টুকিছে। কাৰণ, বৰ্তমানৰ কলেজীয়া শিক্ষক নিযুক্তিৰ “API পদ্ধতি” তেওঁলোকৰ বাবে এক অভিশাপ হৈ পৰিছে।

    বৰ্তমানৰ নিযুক্তি প্ৰক্ৰিয়াত নম্বৰ গণনাৰ যি পদ্ধতি (API/Grading System) প্ৰচলন আছে, সি পুৰণি শিক্ষাৰ্থীসকলৰ বাবে চৰম অন্যায় কঢ়িয়াই আনিছে। আজিৰ পৰা ১০ বা ১৫ বছৰ আগতে স্নাতক বা স্নাতকোত্তৰ পৰীক্ষাত ৭০% বা ৮০% নম্বৰ পোৱাটো আছিল এক বিৰল কৃতিত্ব। কিন্তু বৰ্তমানৰ ‘চিবিচিএছ’ (CBCS) বা নতুন মূল্যায়ন পদ্ধতিত ৯০% বা তাতকৈ অধিক নম্বৰ পোৱাটো তেনেই সহজ হৈ পৰিছে।

   যেতিয়া কেৱল নম্বৰৰ এই নম্বৰভিত্তিক API স্ক’ৰৰ ওপৰত ভিত্তি কৰি ইণ্টাৰভিউৰ চুটি তালিকা (Shortlist) প্ৰস্তুত কৰা হয়, তেতিয়া পুৰণি মেধাৱী প্ৰাৰ্থীসকল স্বয়ংক্ৰিয়ভাৱে পিছপৰি ৰয়। তেওঁলোকৰ কঠিন পৰিশ্ৰমৰ NET, JRF বা PhD ৰ নম্বৰে বৰ্তমানৰ নম্বৰৰ জোৱাৰক ভেটিব নোৱাৰে। মেধাৰ জোখমাখ এতিয়া জ্ঞানৰ গভীৰতাত নহয়, কেৱল মাৰ্কশ্বিটৰ সংখ্যাত আবদ্ধ হৈ পৰিছে।

এজন গৱেষকৰ বাবে JRF পোৱাটো আটাইতকৈ গৌৰৱৰ বিষয়। কিন্তু নিযুক্তিৰ গাইডলাইনত প্ৰায়ে দেখা যায় যে কেৱল NET থকা আৰু JRF থকা প্ৰাৰ্থীৰ নম্বৰৰ ব্যৱধান অতি নগণ্য। একেদৰে, বছৰ বছৰ ধৰি গৱেষণা কৰি লাভ কৰা PhD ডিগ্ৰীটোৰ মূল্যও এই যান্ত্ৰিক পইণ্ট টেবুলখনত সংকুচিত হৈ পৰে। কেৱল এটা নিৰ্দিষ্ট নম্বৰৰ ফ্ৰেমত আবদ্ধ কৰি এজন প্ৰাৰ্থীৰ পঢ়ুওৱাৰ দক্ষতা, তেওঁৰ বিষয়ৰ ওপৰত থকা দখল বা ব্যক্তিত্বক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰা হয়। ইণ্টাৰভিউ ব’ৰ্ডৰ সন্মুখত থিয় হৈ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুযোগকণো তেওঁলোকে লাভ নকৰে।


আমি এতিয়া কি বিচাৰোঁ —

   এক বৈজ্ঞানিক কমন পৰীক্ষা আৰু ডেম’ ক্লাছৰ যুক্তিসংগত প্ৰয়োজনীয়তাঃ

    এই চৰম বৈষম্য দূৰ কৰিবলৈ বৰ্তমানৰ মেৰপাকভৰা API পদ্ধতিটো সম্পূৰ্ণৰূপে আঁতৰাই এটা কেন্দ্ৰীয় ‘কমন প্ৰৱেশ পৰীক্ষা’ (Common Recruitment Examination) আৰু ‘ডেম’ ক্লাছ’ (Teaching Demonstration) ৰ জৰিয়তে নিযুক্তি দিয়াটো সময়ৰ দাবী হৈ পৰিছে।


(১) বিশ্ববিদ্যালয়সমূহৰ মূল্যায়নৰ ভিন্নতা দূৰীকৰণঃ 

        দেশ বা ৰাজ্যৰ সকলো বিশ্ববিদ্যালয়ৰ নম্বৰ দিয়াৰ পদ্ধতি একে নহয়। কোনো এখন বিশ্ববিদ্যালয়ে মুক্তহস্তে নম্বৰ দিয়ে আৰু কোনো এখন বিশ্ববিদ্যালয়ে মূল্যায়নত অতি কঠোৰতা অৱলম্বন কৰে। এটা কমন লিখিত পৰীক্ষাই সকলো প্ৰাৰ্থীক এখন সমান খেলপথাৰ (Level Playing Field) প্ৰদান কৰিব।


(২) প্ৰকৃত মেধা আৰু সাম্প্ৰতিক জ্ঞানৰ পৰীক্ষাঃ

      ডিগ্ৰীৰ পুৰণি মাৰ্কশ্বিটত থকা নম্বৰে এজন প্ৰাৰ্থীৰ বৰ্তমানৰ জ্ঞান বা বিষয়টোৰ ওপৰত থকা দখলক প্ৰতিফলিত নকৰিবও পাৰে। এটা ৰাজ্যিক পৰ্যায়ৰ কমন পৰীক্ষাই প্ৰাৰ্থীজনৰ প্ৰকৃত গুণগত অৰ্হতা সঠিকভাৱে নিৰূপণ কৰিব।


(৩) শিক্ষাদানৰ ব্যৱহাৰিক দক্ষতা (Teaching Aptitude): 

   কলেজৰ অধ্যাপক এজনৰ বাবে কেৱল থিয়ৰীৰ নম্বৰতকৈও আটাইতকৈ ডাঙৰ কথা হ’ল শ্ৰেণীকোঠাত শিক্ষাৰ্থীক বুজাব পৰা দক্ষতা। কমন পৰীক্ষাৰ পিছত এটা ডেম’ ক্লাছ বাধ্যতামূলক কৰিলেহে প্ৰকৃত শিক্ষক নিৰ্বাচন কৰাটো সম্ভৱ হ’ব।


(৪) স্বচ্ছতা আৰু নিকা প্ৰক্ৰিয়াঃ

    মেধাৰ ভিত্তিত অনুষ্ঠিত হোৱা এটা কেন্দ্ৰীয় কমন পৰীক্ষাই সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোক অধিক স্বচ্ছ, নিকা আৰু দুৰ্নীতিমুক্ত কৰি তুলিব। ইয়াৰ দ্বাৰা কোনো ধৰণৰ পক্ষপাতিত্বৰ থল নাথাকিব।


(৫) বয়সৰ অপচয় আৰু মানসিক যন্ত্ৰণাঃ

   যিসকল লোকে নিজৰ জীৱনৰ আটাইতকৈ মূল্যৱান সময়খিনি (২০ ৰ পৰা ৩০ বছৰ বয়স) পুথিভঁৰাল আৰু গৱেষণাগাৰত কটালে, তেওঁলোকৰ আজি বয়স হ’ল। সংসাৰৰ দায়িত্ব, অৰ্থনৈতিক সংকট আৰু সামাজিক প্ৰশ্নবাণে তেওঁলোকক থকা-সৰকা কৰিছে। বহুতৰে চৰকাৰী চাকৰিৰ বয়সৰ সীমা পাৰ হৈ গৈছে। অথচ, তেওঁলোকতকৈ বহু কম অভিজ্ঞ বা কেৱল নম্বৰৰ মেৰপাকত আগবাঢ়ি যাব নোৱাৰাৰ বাবে নৱ প্ৰজন্মৰ প্ৰাৰ্থীয়ে সহজে সংস্থাপন লাভ কৰিছে। এই বৈষম্যই তেওঁলোকক চৰম হতাশাৰ দিশলৈ ঠেলি দিছে। এই অন্যায়ৰ বাবে তেওঁলোকে নিজকে প্ৰশ্ন কৰিছে — “তেন্তে আমি পঢ়া-শুনা কৰি ভুল কৰিলোঁ নেকি?”


মাননীয় শিক্ষা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ এক বিনম্ৰ আহ্বানঃ

   এয়া কেৱল কেইজনমান প্ৰাৰ্থীৰ চাকৰি নোপোৱাৰ বেদনা নহয়, এয়া আমাৰ শিক্ষা ব্যৱস্থাৰ এক ডাঙৰ ত্ৰুটি। যি ব্যৱস্থাই পুৰণি সংগ্ৰামক সন্মান জনাব নাজানে, যি ব্যৱস্থাই কেৱল কাগজৰ নম্বৰক প্ৰাধান্য দি প্ৰকৃত মেধা আৰু অভিজ্ঞতাক নস্যাৎ কৰে, সেই ব্যৱস্থাই কেতিয়াও উচ্চ শিক্ষাক উন্নত কৰিব নোৱাৰে।

   আজিৰ তাৰিখত এই বঞ্চিত গৱেষক, পণ্ডিতসকলৰ চৰকাৰ তথা নীতি-নিৰ্ধাৰকসকললৈ এটাই বিনম্ৰ আহ্বান— নিযুক্তি প্ৰক্ৰিয়াৰ পৰা ক্ষতিকাৰক API পদ্ধতিটো আঁতৰাই এক নিকা আৰু বৈজ্ঞানিক কমন পৰীক্ষাৰ মাধ্যমেৰে কলেজৰ শিক্ষক নিযুক্তিৰ এক নতুন নীতি প্ৰৱৰ্তন কৰক। যাতে বছৰ বছৰ ধৰি বঞ্চিত হৈ থকা এইসকল যোগ্য প্ৰাৰ্থীয়ে নিজৰ প্ৰাপ্য সন্মান আৰু অধিকাৰ ঘূৰাই পায়। যোগ্যতাৰ এই কান্দোন যেন কৰ্তৃপক্ষৰ কাণত পৰে, সেয়াই আজিৰ সময়ৰ আমাৰ হাজাৰ হাজাৰ NET/SLET/JRF আৰু PhD উত্তীৰ্ণ সকলৰ চৰকাৰৰ ওচৰত আটাইতকৈ ডাঙৰ প্ৰাৰ্থনা।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages