ৰঙৰ কথা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, October 31, 2026

ৰঙৰ কথা

 


ৰঙৰ কথা


                  জ্যু চেং অই চাংমাই 


কালি ৰাতি দুয়ো শোৱা নাছিলোঁ,

বহুত দিনৰ মূৰত আমি 

ৰঙৰ কথা পাতিছিলোঁ


তুমি কৈছিলা—

ৰঙা ৰং প্ৰিয় তোমাৰ,

ৰঙা ৰঙত উজলি থাকে প্ৰেমৰ 

অলেখ সপোনৰ ঠিকনা।


অথচ, এই ৰঙা ৰঙৰ প্ৰেমত

মই পৰিব পৰা নাছিলোঁ কোনোদিনেই।


ৰঙা আৱিৰ সানি 

সপোন হেৰুৱাৰ মুখবোৰে মোৰ 

বুকুত যন্ত্ৰণাৰ পাহাৰ এটা গঢ়িছিল।


চকুৰ আগত ভাঁহি আহিছিল 

যৌতুকৰ বলি হৈ সপোন হেৰুওৱা

লাজুক ন-কইনাৰ ছবিখন  

 পিতাইৰ বোজা বুলি 

ওলমি ৰোৱা ককাইদেউৰ তেজাল যৌৱনৰ

নিথৰ মৃতদেহটো 

য’ত ৰঙা আখৰৰ চুইচাইড নোটখনত লিখা আছিল 

মই ৰং সানিব নোৱাৰিলোঁ 

জীৱনত।


 ৰঙা ৰঙত বিচাৰি পোৱা নাছিলোঁ মই 

প্ৰেমৰ সেউজীয়া ঠিকনা 


দ্বীপশিখা, চুমিলা, প্ৰিয়ংকা, নিৰ্ভয়াহঁতৰো—

 সপোনৰ ৰং ৰঙা আছিল।

অথচ, সিহঁতৰ কাতৰ চিঞৰবোৰত 

সপোনবোৰ ছাই হৈ সৰিছিল‌ 

এখিনি ৰঙা ৰং হৈ।

  

মোৰ কথাত

তুমি হাঁহি দিছিলা।

মোৰ দুচকুত তুমি ঢালি দিছিলা

তৃষ্ণাৰ অকৃত্ৰিম ৰঙা..!


অথচ, মোৰ দুচকুত তেতিয়াও

ঘূৰি আছিল শেঁতা পৰা মুখৰ

উকা কপালবোৰ—

যি এদিন

ৰঙা ৰঙেৰে নিজক বাউলি কৰি ৰাখিছিল।


মোৰ দুচকুত 

প্ৰতিজন শ্বহীদৰ তেজস্বী যৌৱনৰ 

এমুঠি ৰঙা ৰঙ 

যি ৰঙাৰে 

নিজক আকোৱালি লৈছিল নিৰ্ভয়ে।


তুমি কৈছিলা—

মোৰ দুচকু এখন নীলা সাগৰ

এমুঠি ৰঙা আৱিৰে 

তুমি মোৰ বুকুলৈ নমাই আনিবা

জুইফুলাৰ সপোনৰ পুৱাৰ ৰঙা সূৰ্য।


অথচ মই ভালপাব পৰা নাছিলোঁ ৰঙা 


মই পাহৰিব পৰা নাছিলোঁ—

মোৰ আইৰ কপালৰ সেওঁতাৰ‌ ৰঙা

হঠাৎ নোহোৱা হওঁতে

সমাজে এলাগি কৰা মানুহবোৰৰ

সেই মুখৰ ৰং

য'ত ৰংবোৰে আইৰ বুকুত যন্ত্ৰণাৰ এখন পাহাৰ গঢ়িছিল।


ক্ৰমশঃ, মই কুৰুকি কুৰুকি সোমাই গৈছিলোঁ 

ৰঙৰ চহৰবোৰলৈ  

বিৰ্বণ হৈ পৰিছিল মোৰ মুখ 

তথাপিও 

বে-ঘ-নী-সে-হা-সু-ৰ ৰামধেনুৰ 

এই ৰঙকেইটাত  

বিচাৰি ফুৰিছিলোঁ

কি ৰঙে মানুহক সুখী কৰি ৰাখে !

অথবা 

ৰং ছটিয়াই দিয়া মানুহবোৰ সুখীনে 

ৰং লগা মানুহবোৰ সুখী ..!


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages