পাতে কি বুলি মাতে ফুলক বতাহৰ মাতেৰে
প্ৰাঞ্জল শৰ্মা
ৰঙিয়া
পাতে কি বুলি মাতে ফুলক বতাহৰ মাতেৰে
সেউজীয়া আন্ধাৰত কি কথা পাতে
ফুলৰ সতে
কথাৰ ৰাগীত গছ হালে-জালে
ঈৰ্ষাত জোন জ্বলে
ফুলৰ গাত লাজ থুপ খায়
জয় পৰি যায়
দিনবোৰ আহে-যায় ফুলৰ বাটেৰে
পাতৰ বাওঁচকু লৰে
ফুলক আচোঁৰে দিনবোৰে
আলফুল ফুলবোৰ সৰে
পাতৰ কোলাত নিথৰ ফুলৰ গা
পাতৰ চকুত নৈ
পাতৰ বুকুত শেলুৱৈ শিপোৱা কুঁৱাৰ নিৰ্জনতা
পাতে কান্দে বতাহৰ মাতেৰে
ফুলৰ বেথাৰে পাতো সৰে
ফুলৰ সমাধি সাজে শুকান দলিচাৰে
গছত কি দূখ ফুলে
ফুলে-পাতে-বতাহে
ইমান নিৰলে
ফোনঃ ৯১০১২১৫০৬১


No comments:
Post a Comment