আঙুলি......
জোনালী দাস
বৰুৱা চাৰিআলি (যোৰহাট)
সোঁহাতৰ বুঢ়া আঙুলিটো বৰকৈ কঁপিছে
কলমতো আধাতে খহিছে।
সেই ডায়েৰীৰ বুকুত .....
আঙুলিত ওপঙি পৰিছে তেজৰ ডোঙা।
জটিল কথাবোৰহে কাঁইটৰ দৰে বিন্ধে
য'ত মই উৰোঁ ডেউকা ফালি নষ্ট কৰোঁ হৃদয়।
যি মুহূৰ্তত হাঁহি টিপিয়াই হাতবাউলি দিওঁ....
তেজলগা তেজৰ বাটেৰে ওঁঠ কামোৰি জিভা দেখুৱাও ।
যিখন ডায়েৰীৰ একোকে নাথাকে হেৰুৱাবলৈ....
আচলতে সেই খন মায়াবজাৰ........
যত বন্দী আমি বুঢ়া আঙুলি ।
ঘূৰাই দিব পাৰিম জানো....
কলমৰ আধা লিখা চিঞৰ মাতোঁ ।
টুকুৰা-টুকুৰ জীৱন যুজঁত বহু পাই আৰু বহু যাই....
হেৰুৱাবলৈ সহজ কিন্তু পাবলৈ কঠিন।
বুঢ়া আঙুলি মোৰ যেন কিমান চিন।


No comments:
Post a Comment