উদাসীনতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, July 3, 2022

উদাসীনতা

 


উদাসীনতা

                     দিপশিখা ৰাজকোঁৱৰ


পুৱাৰ ৰ'দালিয়ে চৌদিশ পোহৰাই

সকলোতে ৰঙীন কৰিলে

আকৌ এটি নতুন দিনৰ আৰম্ভণি

কেতিয়াবা বৰ দুমুজাত পৰোঁ

অনাগত জীৱনৰ কথা ভাবি

জীৱনত অহৰ্নিশে লাগি থাকে

যন্ত্ৰণাৰ অনুভূতি.......

ধুমুহাৰ দৰে পলে পলে

জীৱনেও গতি সলনি কৰে

অন্য দিশে..........।

আশা, নিৰাশা, প্ৰত্যাশা

এইবোৰ চিৰ জীৱনৰ লগৰী

সপোনবোৰ এদিন বাস্তবায়িত হ'ব

আশাবোৰ পাহি মেলি ফুলিব

জীৱনৰ সোঁত ক্ৰমবৰ্ধমান হৈ

চিৰদিন বৈ যাব সেই আশাতেই

সপোন বাস্তৱ হোৱাৰ পথ

ৰুদ্ধ হয় যদিওঁ হতাশ নহৈ

সপোন দেখাৰ মাদকতা

হেৰুৱা নাই কেতিয়াও

কাৰণ মই উদাসীন হৈছোঁ

যন্ত্ৰণাক ভাল পাবলৈ শিকিছোঁ

জীৱনৰ প্ৰতি মনত

বিতৃষ্ণাৰ ভাৱ জন্মাব নিবিচাৰোঁ

মোহনীয় কৰিব বিচাৰোঁ জীৱন।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages