গুৱাহাটী চহৰ আৰু কৃত্ৰিম বানপানী
প্ৰতিভা দেওৰজা
জাগীৰোড
গুৱাহাটী চহৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰ মুখ ৰূপে মাথোঁ অসমৰ বাবেই নহ'য়, সমগ্ৰ ভাৰতৰ বাবেই এখন অতি গুৰুত্বপূৰ্ণ চহৰ। কিন্তু বৰ্তমান গুৱাহাটী চহৰ আৰু কৃত্ৰিম বান যেন এটা মুদ্ৰাৰে দুটা পিঠি স্বৰূপ হৈ পৰিছে। স্মাৰ্ট চিটি নামেৰে অলঙ্কৃত হ'বলৈ আগবঢ়া গুৱাহাটী চহৰখনৰ কৃত্ৰিম বানত ককবকাই থকা পয়ালগা ৰূপটোৱে গুৱাহাটীৰ বাসিন্দাকেই ভেঙুচালি নকৰে নে? বিগত ৯০ দশকলৈ চকু ফুৰালে দেখা যায় যে গুৱাহাটীৰ এনে বিপৰ্যয় কাহানিও হোৱা নাছিল। মোৰ সোণোৱালী শৈশৱ, কৈশোৰ, যৌৱন, শিক্ষা-দীক্ষা , এসাগৰ সপোন, সকলোবোৰ গুৱাহাটী চহৰৰ বুকুতেই প্ৰতিপালিত হৈছিল। তেতিয়াও বাৰিষা মুষুলধাৰে বৰষুণ হৈছিল, কিন্তু কেতিয়াও কৃত্ৰিম বানে গুৱাহাটীক জুৰুলা কৰা দেখা নাছিলো। তেতিয়া বানপানীৰ ৰচনা কিতাপৰ পাততহে পঢ়িছিলো, বাস্তৱত দেখাৰ দুৰ্ভাগ্য হোৱা নাছিল, জীৱনৰ প্ৰথম বানপানী দেখিবলৈ পাইছিলো বিয়াৰ পাছত স্বামীৰ গৃহ জিলা নগাঁৱত, ভীষণ ভীতিবিহ্বলা হৈছিলো, সেয়া অন্য এক ভয়লগা অভিজ্ঞতা। সেয়ে বৰ্তমান এজাকি বৰষুণতে যেতিয়া গুৱাহাটী চহৰ বুৰিলে বুলি বাতৰিৰ শিৰোনামা হ'য় , পূৰ্বৰ শান্ত সমাহিত, নান্দনিক, মোৰ জীৱনৰ বিগত পছিচটা বসন্ত নিৰাপত্তাৰে বুকুত কঢ়িয়াই ফুৰা তাহানিৰ গুৱাহাটীখনলৈ বৰ মনত পৰে!
এটা কথা সঁচা, তেতিয়াৰ গুৱাহাটী চহৰত বৰ্তমানৰ দৰে গগনচুম্বী বিলাসী অট্টালিকা, চপিং মল আদিৰ প্ৰয়োভৰ নাছিল আৰু জনবসতিও যথেষ্ট সেৰেঙা আছিল, ব্যক্তিগত যান-বাহনৰ সংখ্যাও কম আছিল যদিও প্ৰাকৃতিকভাৱে ভাৰসাম্যতাৰ লগতে বৰ্তমানৰ দৰে প্ৰদুষিত চহৰ নাছিল। অৱশ্যে এই কথাও সঁচা যে সময়ৰ সোঁতত সকলো সলনি হয়। সেয়েহে সময়ৰ দাবীত ক্ৰমান্বয়ে চকুৰ প্ৰচাৰতেই সাধাৰণ চহৰৰ পৰা সম্প্ৰসাৰিত হৈ বৰ্তমান স্মাৰ্ট চিটিলৈ উত্তৰণ ঘটাতো নিসন্দেহে সৌভাগ্যৰ কথা। কিন্তু বৈধ , অবৈধ, নীতি নিয়ম বৰ্হিভূত অনুজ্ঞাপত্ৰৰে গাতে গা লগা গগনচুম্বী বিলাসী আৱাসগৃহ, অত্যাধুনিক মল,পঞ্চতাৰকাযুক্ত বিলাসী নামী দামী হোটেল, ইখনৰ পাছত সিখনকৈ উচ্চ শিক্ষানুস্থান, বিশ্ববিদ্যালয়, উন্নত মানদণ্ডৰ বহুতো ব্যক্তিগত হাস্পাতালৰে গুৱাহাটী সমৃদ্ধিশালী হৈ পৰিল। কিন্তু সঁচা অৰ্থত গুৱাহাটীক বিজ্ঞান সন্মতভাৱে গঢ়ি তুলিবলৈ সক্ষম হ'ল জানো? সুউন্নত উচ্চ মানদণ্ডৰ প্ৰযুক্তিবিদ্যাৰ প্ৰয়োভৰত নিশাৰ গুৱাহাটী ৰম্যভূমি যেন লগা হ'ল, কিন্তু তৎসত্বেও কিয় এজাক বৰষুণতে গুৱাহাটীয়ে চকুপানী টুকিবলগীয়া অৱস্থাৰ সৃষ্টি হবলৈ ধৰে, এই প্ৰশ্ন সচেতন গুৱাহাটীবাসীয়ে নিজেই নিৰপেক্ষ আৰু নিৰ্মোহভাৱে বিশ্লেষণ কৰিলেই উত্তৰো পাব।
কাৰণ নোহোৱাকৈ একোৱেই নহ'য়, প্ৰতিটো সমস্যাৰে আৰত অন্তৰ্নিহিত কাৰণ সমূহৰ মাজতেই প্ৰকৃত কেৰোণ নিহীত থাকে। গুৱাহাটীৰ বৰ্তমানৰ নৰক সদৃশ কৃত্ৰিম বানৰ সমস্যাৰ বাবে দায়ী প্ৰকৃতি নহ'য়, কিয়নো প্ৰকৃতিৰ চিৰন্তন ৰীতি অনুযায়ী বাৰিষাত বৰষুণ থাকিবই, এয়া কোনো নতুন কথা নহ'য়। প্ৰকৃতিৰ ৰীতি-নীতি ৰ সালসলনি কৰিব নোৱাৰি, কিন্তু প্ৰকৃতিৰ ৰীতি-নীতিৰে সৈতে আমি জীৱ শ্ৰেষ্ঠ মানৱে ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰিবা লাগিব।
" অৰ্জিলে ভূঞ্জিৱই লাগিব" বোলা কথাষাৰহে গুৱাহাটীৰ ক্ষেত্ৰত প্ৰযোজ্য। তাহানিৰ গুৱাহাটীৰ খাল, বিল, মেটেকাৰে ভৰি থকা বাট পথহীন দুৰ্গম অঞ্চল সমূহকো মাটি পূৰাই ধনৰ প্ৰতাপেৰে বিলাসী অট্টালিকা সাজি ৰম্যপুৰীত পৰিণত কৰি এক অন্যন্য ৰূপ দিলে সঁচা, কিন্তু বাৰিষা জমা হোৱা অতিৰিক্ত পানী সমূহ ওলাই যোৱাৰ বিজ্ঞান সন্মত কোনো সু-ব্যৱস্থা নকৰাৰ ফলতেই এজাকি দোপালপিতা বৰষুণতেই কৃত্ৰিম বানৰ সমস্যাৰ উদ্ভৱ হয়, জনসংখ্যা বৃদ্ধিৰ প্ৰকোপত এই সমস্যা দিনক দিনে বৃদ্ধি পায়। ইয়াত কোনো দ্বিমত নাই যে, বিহঙ্গম দৃষ্টিৰে বৰ্তমান গুৱাহাটী কৃত্ৰিম মায়াপুৰীলৈ পৰিণত হ'ল। কিন্তু এজাকি বৰষুণে পুতি দুৰ্গন্ধময় কৰা কদৰ্য্যতাই বাৰিষাত ত্ৰাহি ত্ৰাহি মধুসূদন দেখুওৱা অনাকাঙ্খিত পৰিস্থিতিৰ বাবে নিসন্দেহে দায়ী স্বয়ং গুৱাহাটীবাসী, পৌৰ প্ৰশাসন, নগৰখনৰ উন্নয়নৰ নামত থকা বিয়াগোম দুৰ্নীতিপৰায়ন বিষয়াসকলৰ পৰা আৰম্ভ কৰি প্ৰায় প্ৰতিখন চৰকাৰ। গুৱাহাটীখন মেট্টপলিটান চিটি অথবা স্মাৰ্ট চিটি ৰূপে গঢ়ি তুলিবলৈ প্ৰথম প্ৰয়োজনীয় পদক্ষেপ হ'ল, কৃত্ৰিম বানৰ সমস্যাৰ স্থায়ী নিৰ্মূকৰণৰ উদ্দেশ্যে মেধাসম্পন্ন ও অভিজ্ঞ অভিযন্তা আৰু পৰিবেশ প্ৰদুষন নিয়ন্ত্ৰণ বিশেষজ্ঞ কমিটীৰ সহায়ত প্ৰধান কেৰোণ সমূহ নিৰ্মূকৰণৰ বাবে তৎকালীন, যথোপযুক্ত আৰু দৃঢ়তম পদক্ষেপ গ্ৰহণ কৰা।
গুৱাহাটী মহানগৰীৰ বাসিন্দাই ও নিজকে ধোৱা তুলসী পাত সজাই মাথোঁ এককক্ষীয় ভাবে চৰকাৰ আৰু পৌৰ প্ৰশাসনকে জগৰীয়া কৰি দায়সৰা মনোবৃত্তি ত্যাগ কৰি আন্তৰিক সদিচ্ছাৰে, দায়বদ্ধ তাৰে আগবাঢ়ি আহক। প্ৰকৃতিৰ নিয়মৰ হেৰফেৰ নহ'য়, সেয়ে মাথোঁ বাৰিষাত কৃত্ৰিম বানৰ কেইদিনমান প্ৰচাৰ মাধ্যমৰ যোগে অযথা হৈ চৈ কৰি খৰাঙত হাত সাৱটি বহি থাকিলে সমস্যাৰ সমাধান হ'ব জানো? "পৰত আশ বনত বাস, আপোন হাত জগন্নাথ", বোলা কথাষাৰৰ সত্যতাৰ বিষয়ে এটা সৰু উদাহৰণ উল্লেখ কৰিব বিচাৰিছো।
আমি বাস কৰা অঞ্চলটিৰ পাচফালে থকা পথাৰখনিত চকুৰ প্ৰচাৰতেই ক্ৰমান্বয়ে ঘন জনবসতিপূৰ্ণ অঞ্চললৈ ৰূপান্তৰিত হয়, সমস্যাৰ উদ্ভৱ তেতিয়াই হ'য়, বাৰিষা কৃত্ৰিম বানে অঞ্চলটোৰ বাসিন্দা সকলক জুৰুলা কৰিব ধৰিলে। দুবছৰ মান এনে জলন্ত সমস্যা লৈ অঞ্চলটিৰ সচেতন মহিলা ডা:জিতা বৰদলৈ আৰু ভোক্তভোগী মহিলা কেইগৰাকী মান আমাৰ ওচৰলৈ অহাত আমি আটায়ে সমস্যাটো অতিশয় গুৰুত্ব সহকাৰে লৈ সমাধানৰ বিভিন্ন উপায়ৰ নিমিত্তে সঘন আলোচনাত মিলিত হৈ আলোচনা মৰ্মে , প্ৰথমেই এই নতুনকৈ গঢ় লৈ উঠা অঞ্চলটোৰ বিভিন্ন উন্নয়নমূলক কামৰ বাবে প্ৰায় ত্ৰিশ গৰাকী মান মহিলাৰ সহযোগত এটি মহিলা আদৰ্শ গোট খুলি আমাৰ প্ৰথম পদক্ষেপৰ আৰম্ভণি ৰূপে জলন্ত সমস্যা কৃত্ৰিম বান ৰোধিবলৈ দৃঢ়প্ৰতিজ্ঞ হওঁ। অঞ্চলটোৰ কৃত্ৰিম বানৰ কাৰণ ৰূপে আমি দেখিবলৈ পালো যে অঞ্চলটোৰ প্ৰতিঘৰৰ বাৰিষাত জমা হোৱা অতিৰিক্ত আৰু অনাৱশ্যকীয় পানীবোৰ বাহিৰলৈ ওলাই যোৱাৰ বাবে সুচল ও প্ৰধান নলা নৰ্দমা নথকা বাবেই এই দুৰ্গতি,তাতে ফ'ৰলেণ্ড বনাওতে হাইৱেটো আগতকৈ ওখ হ'ল, আমি মন বান্ধি ল'লো সমস্যাটো গম্ভীৰ হ'লেও অসম্ভৱ নহ'য়, যিকোনো প্ৰকাৰে সমাধান কৰিবলৈ আমি অঙ্গীকাৰবদ্ধ হ'লো, প্ৰথমেই আমাৰ সমস্যাটোৰ লিখিত আবেদন লৈ সহায়ৰ বাবে পঞ্চায়তৰ কাষ চাপিলো। তেওঁ লোকে আমাক অভয় নিদি একেষাৰেই না কৰি ফ'ৰলেণ্ডলৈ দায়বদ্ধতা ঠেলি দিয়াত আমি ফ'ৰলেণ্ড কৰ্তৃপক্ষৰ (তেতিয়া ফ'ৰলেণ্ড নিৰ্মাণৰ কাম প্ৰায় ৮০/সম্পূৰ্ণ হোৱাৰ পথত, ) কাষ চাপো। আমি সেয়ে খৰতকীয়াকৈ আগবাঢ়িবলৈ সিদ্ধান্ত ল'লো, কিয়নো কাম শেষ হোৱাৰ পাছত তেওঁলোক যাবগৈ।ফ'ৰলেণ্ড কতৃপক্ষক আমাৰ সমস্যাটোৰ বিষয়ে সবিশেষ জনোৱাৰ বাহিৰেও লিখিত ৰূপত সবিস্তাৰে জনাই বিনম্ৰ ভাবে আবেদন জনালো যে ৩৭নং গুৱাহাটী জাগীৰোড ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰায় এক কি:মি:দীঘল, কমেও ৩ফুট বহল আৰু ৫ফুট দকৈ নলা খান্দিবলৈ অনুনয় কৰিলো। কিয়নো এই নলাটো খান্দিলেই অঞ্চলটোৰ কৃত্ৰিম বানৰ সমস্যা দূৰ হ'ব, আনহাতে আমি নিজাববীয়াকৈ কৰিবলৈ হ'লে লক্ষাধিক টকাৰ প্ৰয়োজন, কিন্তু ফ'ৰলেণ্ড কৰ্তৃপক্ষৰ ওচৰত নলাখন্দাৰ বাবে প্ৰয়োজনীয় জে চি পি, ডাম্পাৰ, ড্ৰাইভাৰকে কৰি আটাইখিনি মজুত আছে। প্ৰথমতে তেওঁলোকে বিনম্ৰতাৰে আমাক জনালে যে তেওঁলোকৰ আঁচনিৰ ভিতৰত নলাখন্দাটো নপৰে, সেয়ে অপৰাগ। কিন্তু আমি মুঠেই হতাশ নহ'লো, বৰঞ্চ নানা অনুনয় কৰি তেওঁলোকৰ উচ্চতম বিষয়ববীয়াৰ সৈতে কেবাবাৰো আলোচনাত মিলিত হ'লো । এনেদৰেই একেই অনুনয়ৰে, সচেতনতা, দায়বদ্ধতা, আৰু অসীম সহনশীলতাৰে ফ'ৰলেণ্ড নিৰ্মাণ কমিটীৰ উচ্চ পদস্থ বিষয়া সবৰ সৈতে সুদীৰ্ঘ ৩মাহ তাতবাতি কৰাৰ অন্তত অৱশেষত মানৱীয় দায়বদ্ধতাৰে নলাটো খান্দি দিলে। আমাৰ ঐক্যৰ,ধৈৰ্য্যৰ আৰু বিশ্বাসৰ জয় সাব্যস্ত হ'ল। এইখিনি কৰিবলৈ যাওঁতে জাগীৰোড আঞ্চলিক ছাত্ৰ সন্থা, স্থানীয় বহু সদয় ব্যক্তিৰ অকুণ্ঠ সহায় সহযোগিতাৰ লগতে এচাম ভীষণ স্বাৰ্থান্ধ, ঈৰ্ষা পৰায়ন লোকৰ নেতিবাচক সমালোচনা আৰু ৰোষৰো সম্মুখীন হ'ব লগীয়া হৈছিল, কিন্তু আমি সেইবোৰ আওকাণ কৰি দৃঢ় পদক্ষেপৰে ইতিবাচক চিন্তাধাৰাৰে আগবঢ়া বাবে কৃত্ৰিম বানৰ দৰে জলন্ত সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হওঁ। আপাত দৃষ্টিত অসম্ভৱ যেন লগা কামটো একত্ৰিত নাৰীশক্তিৰ দৃঢ়প্ৰতিজ্ঞ,দায়বদ্ধতা, আত্মবিশ্বাস আৰু অসীম ধৈৰ্যৰ বলত সম্ভৱ হ'ল।এই সময়খিনিত কোনো মুহূৰ্ত্তত আমাৰ মনলৈকো হতাশা আহিছিল, কিন্তু এই হতাশাক আমাৰ লক্ষ্য পথত হেঙাৰ হ'বলৈ দিয়া নাছিলো।
গতিকে হে সচেতন ও দায়বদ্ধ গুৱাহাটীবাসী ,"আপোন হাত জগন্নাথ", এইষাৰবানীকে সৰোগত কৰি ঐক্যবদ্ধ হৈ ওলাই আহি, গুৱাহাটীৰ কৃত্ৰিম বানৰ দীৰ্ঘকালীন সমস্যা দূৰ কৰিবলৈ আন্তৰিকতাৰে অহোপুৰুষাৰ্থ কৰিলে বিশ্বাস, প্ৰকৃতাৰ্থত গুৱাহাটীক স্মাৰ্ট চিটি ৰূপে গঢ়িবলৈ সক্ষম হোৱাৰ লগতে বিশ্বৰ বাবেই এক আৰ্হি হ'ব।এইটো সঁচা গুৱাহাটীৰ বানৰ সমস্যা সমাধানৰ পথ কণ্টকময়, ইমান সুচল নহ'য় , কিন্তু অসম্ভৱ নহ'য়, ' কিয়নো ৰাইজে নখ জোকাৰিলে নৈ বয়'। আপোনালোকৰ অকুণ্ঠ সহযোগিতাত নিশ্চয় চৰকাৰ আৰু পৌৰ প্ৰশাসনেও ইতিবাচক সঁহাৰি জনাই আমাৰ মৰমৰ গুৱাহাটী চহৰখনি, কৃত্ৰিম বান মুক্ত নয়নাভিৰাম স্মাৰ্ট চিটি ৰূপে বিজ্ঞান সন্মতভাবে গঢ়ি তোলাত হাত উজান দিব।।
ফোনঃ 7002831513
No comments:
Post a Comment