তাই দি গ'ল নাম এটি সম্পৰ্কৰ
ডাঃ পদুমী কলিতা
চেনাক চেনাক পায়েল বাজে
দুভৰিৰ কম্পনত তাইৰ খোপাৰ
হাচনাহানা সৰি পৰি......
মই...হৰিবৰৰ মন কাৰহিলে
মৰসাহ কৰি কৈ দিলু চাল্লা
ঐ ছোৱালী ভাল পাই পেলালো তোক
আকোঁৱালি লবি নে মোক
সাজোৰে উত্তৰ দিছিলে তাই
নাই নাই মই নোৱাৰিম ভাই
নৈৰ সিপাৰে মোৰ মৰমে আছে বাট চাই
দুখ লাগি গল নিমিষতে
লাজে বেঢ়িলে চৌপাশ
ভৰিৰ তলৰ মাটিখিনি এ কলে
দুখ লাজ কিহৰ...
কিবা এটা নাম দি গল
তোৰ সম্পৰ্কক।।
ঠিকনাঃ
ক্ৰিয়া, নলবাৰী (অসম)
পিনঃ ৭৮১৩৩৯


No comments:
Post a Comment