পৰাগ দাস
ৰুনাল্ডো টাইদ
("The Pen is mighter than the sword "-Edward Bulwer Lytton)
মেহনতী জনতাও হাতত লয় ত্ৰিৰঙ্গা ঝাণ্ডা
মিছিলৰ আগে পিছে খৰখোজেৰে আগবাঢ়ে।
কেতিয়াবা বুকুপাতি লয় গুলী কেতিয়াবা কাণপাতি শুনে গালি।
ঘৰ ৰুটি কাপোৰৰ তাড়নাত আকৌ ঘূৰি যায় পথাৰ, হাতত পায় বাটতে হেৰুৱায় সুযোগ। কোৰ-কাচি, দা-হাতুৰীলৈ আৰম্ভ কৰে জীৱন যুদ্ধ।
মেহনতি জনতাৰ বাবে আপুনি তুলি লৈছিল কলম।আপুনি এজন বুদ্ধ, কলমেৰে যুঁজিছিল যুদ্ধ।
স্বাধীনতাৰ বহু বছৰৰ পিছতো
এচামে নেপায় ৰুটি কাপোৰ ঘৰ
সিহঁতেও আমাৰ সহোদৰ ভাই
মূৰ্খই ভাবে বন্দুকবোৰ জুই
বন্দুকে সলাব পাৰি পৃথিৱী
তেজৰ আখৰেৰে লিখিছিল আপুনি বুৰঞ্জী, আপুনি একুৰা জুই।
মূৰ্খই ভাবে বন্দুকে জয় কৰে হৃদয়
মূৰ্খই ভাবে বন্দুকে জয় কৰে সৰগ
মূৰ্খই ফুল বুলি বুটলি লয় কাঁইট
ফুল চিঙোতে হাতত লাগে কাঁইটৰ আঁচোৰ!
মূৰ্খই নেজানিছিল কলম বন্দুকতকৈ শক্তিশালী। বন্দুকৰ ট্ৰিগাৰত আঙুলি থৈ এৰি দিলে গুলী। মূৰ্খৰ মুখত হাঁহি, জনতা দুখী।
আপুনি এজন বুদ্ধ
কলমেৰে যুঁজিছিল যুদ্ধ
ফোনঃ 86388 14629
ব্ৰাজিল কোটেজ। Qr no: T/২৮(B)
উত্তৰ পূব সীমান্ত ৰেলৱে
ডাক: ফৰকাটিং
জিলা: গোলাঘাট-৭৮৫৬১০


No comments:
Post a Comment