সুৰা-পুৰাণ
সঞ্জীৱ সাগৰ চৌধুৰী
সুৰে সুৰে বৈ থাকে যি
সি অমৃত
গৰল
ৰৈ গ'লেই অ-সুৰত
আহক
এইবাৰ আমি সমুদ্ৰ মথোঁ
কি পাওঁ চাওঁ
সুৰাতকৈ অমৃত
সুৰাতকৈ বিষহৰি
বদনাম এনেই কৰে
মানুহে মদক
আচল নিচাতো চালা
তেজ পিলে লাগে !
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment