কবিতা তোক নিজৰ কৰাৰ
হেঁপাহ বুকুতে থাকিল
যতীন মিলি
কবিতা !
তোক নিজৰ কৰাৰ হেঁপাহ বুকুতে থাকিল
সামান্য অজুহাতত সিদিনা গুচি নোযোৱা হ'লে
মোৰ জীৱন ৰথৰ চকৰি স্তব্ধ নহ'লহেতেন দিকচৌ বাটত ...
আঁকিব খুজিও আঁকিব নোৱাৰিলোঁ
তোৰ দুচকুত দুষ্মন্ত প্ৰেমৰ শিলালিপি ছবি
বুকুত কাহানিও ফুলাব নোৱাৰিলোঁ
নিশা ফুলা ফুলৰ হাঁহি
সপোনে-বিষাদে মই হ'লো মাথোঁ
তোৰ জীৱন গণিতৰ এটা নিমিলা অংক...।
No comments:
Post a Comment