ভ্লাডিমিৰ পুটিন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, August 1, 2022

ভ্লাডিমিৰ পুটিন

 


ভ্লাডিমিৰ পুটিন

ৰুনাল্ডো টাইদ


(প্ৰতিজন যুদ্ধ বিৰোধী লোকৰ হাতত)


হেজাৰ জনী ৰাচিয়ান গাভৰুৰ নীলা খামৰ  চিঠিৰ 

নায়ক -ভ্লাডিমিৰ পুটিন

বিশ্বৰ আগনন জনতাৰ হেপাঁহৰ নায়ক - ভ্লাডিমিৰ পুটিন

ৰাজপথ অথবা ষ্টালিনগ্ৰেডত আপোনাক দেখিলেই

সাধাৰণ জনতাই চিঞৰি  উঠে

জিন্দাবাদ 

জিন্দাবাদ 

ভ্লাডিমিৰ পুটিন জিন্দাবাদ 


মস্কোৰ ক্ৰেমলীন ৰাজপ্ৰাসাদৰ পৰা আপুনি চিঞৰ মাৰিলে দিল্লীৰ মচনদত শুনা যায়,

মস্কো-দিল্লীৰ মাজত উৰে বন্ধুত্বৰ উমাল পতাকা

ৰাছিয়ান সাংসদ ষ্টেট ডোমাত আপোনাৰ ভাষণ শুনিবলৈ উজাগৰে থাকে অজস্ৰ ৰাছিয়ান জনতা


ভলাডিমিৰ পুটিনঃ আপুনি এজন সু- নিপুণ ঘোঁৰা চোৱাৰী, পাকৈত সমৰ কলাবিদ।

আপুনি জনপ্ৰিয় ৰাষ্ট্ৰ নায়ক, সমগ্ৰ বিশ্বজুৰি আপোনাৰ সুকীয়া পৰিচয়। 

আপোনাৰ ৰূপৰ তুলনা নাই 

আপোনাৰ গুনৰ তুলনা নাই 


অথচ হিটলাৰ আৰু আপোনাৰ বিশেষ পাৰ্থক্য নাই। ১৯৩৯ত হিটলাৰে আক্ৰমণ কৰিছিল পোলেণ্ড, আৰম্ভ হৈছিল দ্বিতীয় মহাসমৰ।আপুনি আক্ৰমণ কৰিলে চুবুৰীয়া উক্ৰেইন, কি ঠিক ইয়াৰ পৰাই জানো আৰম্ভ হব নোৱাৰে তৃতীয় মহাসমৰ!


প্ৰেছিডেন্ট পুটিন, আপুনি হিটলাৰ নহ'ব

হলে দ্বিতীয় বিশ্বযুদ্ধৰ নায়ক 

চতুৰ ষ্টেলিন হওঁক,কঠিন সময়তো দেশক বিজয় মুকুট পিন্ধাওক।


প্ৰেচিডেন্ট পুটিন, আপুনি হিটলাৰ নহব

হলে মহাত্মা  গান্ধী হওঁক

অহিংসা বাণীৰে জগত জিনি

গঢ়ি তোলক এখন ধুনীয়া ধৰণী


আপুনি হিটলাৰ নহ'ব প্ৰেচিডেন্ট পুটিন

আনকো মাৰিব 

নিজেও মৰিব

নিৰীহ জনতাক গেছ চেম্বাৰত দিব। 


প্ৰেচিডেন্ট পুটিন, উইক্ৰেনিয়ান গাভৰুবোৰক সুধিবচোন, 

যুদ্ধত নিহত প্ৰেমিকক হেৰুৱাৰ বিষাদ কিমান 

বৃদ্ধা আইক সুধিবচোন একমাত্ৰ পুত্ৰক হেৰুৱাৰ বিষাদ বেদনা

প্রেচিডেন্ট পুটিনঃ আপুনি হিটলাৰ নহ'ব,আপুনি গান্ধী  হওঁক।





ৰুনাল্ডো টাইদ

86388 14629


ব্ৰাজিল কটেজ, কো: নং: T/28(B)।

উত্তৰ পূব সীমান্ত ৰেলৱে

ডাক: ফৰকাটিং

জিলা: গোলাঘাট।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages