প্ৰেমৰ কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, August 1, 2022

প্ৰেমৰ কবিতা

 


প্ৰেমৰ কবিতা

জুনু বুঢ়াগোহাঞি

গুৱাহাটী


কুঠৰীৰ উমাল বেৰত

ওমলি আছিল সৰু পৃথিৱী এখন 

ৰ'দৰ হাতৰ পৰশত

গলি থকা সংলাপত

ওফন্দি উঠিল আকলুৱা আৱেগ

নতুনকৈ বলা বতাহ এছাটিত

নুফুলা ফুল এপাহ ফুলিল ৷


একো নোকোৱাকৈ সকলো ক'লে 

কুঠৰীৰ চকুৱে

আৰু আঙুলিয়াই দেখুৱালে এটা বাট


কোনোদিন নোযোৱা গোপন বাটেৰে

যোৱাৰ দিনাই

এৰি থৈ আহিলোঁ বিষণ্ণ সুৰ

এৰি থৈ আহিলোঁ নিসংগতা 

বান্ধ খালে নতুন  দুভৰি ৷

:

প্ৰেমৰ দুখোজ একেলগে এখোজ

:

খামি-ডাঠ খোজটোৰ বিষয়ে কি ক'ম

আজি একো নকওঁ


ক'বলগীয়াখিনি কুঠৰীৰ হাঁহিটোৱে ক'ব ৷



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages