মানুহৰ জীৱনবোৰ একো একোখন খোলা কিতাপ... - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, August 1, 2022

মানুহৰ জীৱনবোৰ একো একোখন খোলা কিতাপ...

 


মানুহৰ জীৱনবোৰ একো একোখন খোলা কিতাপ...

নন্দেশ্বৰ মিলি

টীয়ক,যোৰহাট


মি মানুহৰ মনবোৰ বুজিবলৈ চেষ্টা কৰা উচিত।আমি মানুহৰ বুকুত সুপ্ত হৈ থকা মনৰ ভাববোৰ যিদিনা বুজিবলৈ সক্ষম হ'ম সেইদিনা বুজি পাম যে সঁচাকৈ মানুহবোৰ একো একোখন খোলা কিতাপ হয়।মানুহৰ বুকুত ইমানেই জ্ঞান-অভিজ্ঞতা,ভাব-চিন্তাবোৰ সোমাই থাকে যে আমি আচৰিত নহৈ নোৱাৰি।


মানুহৰ মুখবোৰ মেলিলেই দেখোন এখন বহল পৃথিৱী খোল খাই যায়।য'ত মানুহৰ জ্ঞান-বিজ্ঞানৰ টোপালবোৰ থুপ খাই থাকে।লাহে লাহে সেই টোপালবোৰ বৰষিবলৈ ধৰে।আলাপ-আচৰণ,কথা-বতৰা পতাৰ জৰিয়তে মানুহজনৰ চৰিত্র,ব্যক্তিত্ব সকলোখিনি ফুঁটি উঠে।পিন্ধা-উৰা,খোৱা-বোৱাৰ ধৰণ,চাল-চলন ইত্যাদি সকলোতে শিকণীয় গুণবোৰ ফুটি উঠে।সেয়ে কোৱা হয় বিচাৰিব জানিলে এজন ব্যক্তিৰ মাজতে সকলোখিনি শিকিব পৰা যায়,যিবোৰ কিতাপ এখনত বিচাৰি নাপাবও পাৰে।


প্ৰত্যেক মানুহ একো একোটা জ্ঞানৰ ভঁৰাল।তেওঁলোকৰ মাজতে আমি বিজ্ঞান, সমাজ বিজ্ঞান,কলা,দৰ্শন,গণিত,নীতি, প্ৰমূল্যবোধ,ৰাজনীতি আদি সকলো পাব পাৰোঁ। প্ৰত্যেক ব্যক্তিৰ ব্যক্তিত্বসমূহ ভিন্ন ভিন্ন হয়।গতিকে যিমানে মানুহৰ সংস্পৰ্শলৈ  আহিব সিমানেই শিকিবলৈ সক্ষম হ'ব।গতিকে যিবোৰ মানুহে মানুহৰ লগত সাক্ষাৎ কৰি ঘূৰি ফুঁৰে তেওঁলোকে বেছি কথা জানিব পাৰে।


মানুহবোৰে বিভিন্ন সময়ত বিভিন্ন অভিজ্ঞতা লাভ কৰি থাকে। সেই অভিজ্ঞতাবোৰো একো একোটা জ্ঞানৰ উৎস হিচাপে গণ্য কৰিব পাৰে।অভিজ্ঞতাবোৰ ইতিবাচক আৰু নেতিবাচক  দুয়োধৰণৰ হ'ব পাৰে।সেই অভিজ্ঞতাবোৰ আহৰণ কৰি আমি শিকিব পাৰোঁ।নেতিবাচক অভিজ্ঞতাবোৰে আমাক সেইধৰণৰ কাম কৰাৰ ক্ষেত্রত বাৰণ কৰিব পাৰে বা সদাসৰ্তক কৰাৰ ক্ষেত্রত সহায় কৰিব পাৰে।ইতিবাচক অভিজ্ঞতাবোৰে আমাকো তেনে কাম কৰাৰ ক্ষেত্রত উৎসাহিত কৰিব পাৰে।


একো একোজন ব্যক্তি একোটা দিশত পাৰদৰ্শী হ'ব পাৰে। যেনেকৈ এজন খেতিয়ক তেওঁ খেতিৰ বিষয়ত,পশুপালক  এজনৰ পশুপালনৰ ক্ষেত্রত,মৎস্য পালকজনৰ মাছ পোহাৰ ক্ষেত্রত, শিক্ষক এজন শিক্ষাদানৰ ক্ষেত্রত,মিস্ত্রী এগৰাকী কাঠৰ আচবাব তৈয়াৰ কৰাৰ ক্ষেত্রত পাৰদৰ্শী হয়।তেওঁলোকৰ নিজা নিজা বিভাগত প্ৰায়োগিক জ্ঞান-অভিজ্ঞতা থাকে।গতিকে এনে ব্যক্তিসকলক বিদ্যালয় বা শিক্ষানুষ্ঠানলৈ নিমন্ত্ৰণ কৰি আনি ছাত্র-ছাত্রীৰ সম্মুখত উপস্থাপন কৰিবলৈ দিলে কিতাপত পঢ়া জ্ঞানতকৈ বেছি সফলতাৰে শিক্ষাৰ্থীসকলে শিকিবলৈ সক্ষম হ'ব।গতিকে প্ৰত্যেক ব্যক্তিৰে একো একোটা বিশেষ বৈশিষ্ট্য আৰু গুণ থাকে।যিবোৰক আমি ওপৰে ওপৰে চালে অনুভৱ কৰিবলৈ সক্ষম নহ'বও পাৰে।কিন্ত্ত দকৈ চালে সেইবোৰ উপলব্ধি কৰিবলৈ সক্ষম হ'ব পাৰোঁ।


মানুহৰ লগত কথা-বতৰা পাতি থাকিলে আমি বহু কথাই উপলব্ধি কৰিব পাৰোঁ।তেওঁৰ জীৱন-যাত্রা,জন্ম,বংশ,পৰিয়াল, সমাজ, শিক্ষা-দীক্ষা,তেওঁৰ অতীতৰ ইতিহাস,বৰ্তমানৰ অৱস্থা, ভৱিষ্যৎৰ সপোন,জীৱন-প্ৰণালী,অৰ্থনৈতিক অৱস্থা,সামাজিক সম্পৰ্ক, প্ৰস্থিতি, আশা-আকাংক্ষা, দুঃখ-বেদনা, যন্ত্ৰণা আদি সকলো জানিবলৈ সক্ষম হওঁ।তেওঁৰ শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক সকলোবোৰ দিশেই পৰ্যায়ক্ৰমে খোল খাই যায়।গতিকে আমি তাৰপৰা বহু নজনা-নুশুনা,নেদেখা কথাই শিকিবলৈ সক্ষম হ'ব পাৰোঁ। আমাৰ লগতে কৌতূহল আৰু অন্বেষণমূলক আগ্ৰহ থাকিলে তাৰপৰা বহুদিশেই বিশ্লেষণ কৰি উন্মোচন কৰিব পৰা যায়।যিবোৰে আমাৰ জীৱনৰ গতিপথ নিৰ্ণয় আৰু পথ-প্ৰদৰ্শনৰ ক্ষেত্রত অভূতপূৰ্ব অৰিহণা যোগাবলৈ সক্ষম হ'ব পাৰে।


সেয়ে আমি কোনো মানুহকে হেয় প্ৰতিপন্ন কৰাটো উচিত নহয়।সকলো মানুহে সকলো কথা নাজানিবও পাৰে অথবা জনাটোও সম্ভৱপৰ নহয়।আকৌ কোনোবাই জনা কথাটো আপুনি-মই নাজানিবও পাৰোঁ।গতিকে সকলো ব্যক্তিয়ে নিজৰ নিজৰ ক্ষেত্ৰত ঠিকে থাকে। আমি তেওঁলোকৰপৰা বহু কথাই শিকিবলৈ সক্ষম হ'ব পাৰোঁ।কোনোবাই লিখা-পঢ়া নাজানিলেও সি আচল অৰ্থত অশিক্ষিত নহয়। তেওঁ সামাজিক-সাংসাৰিক জ্ঞান বা অন্যান্য ক্ষেত্রত দখল থাকিবও পাৰে।ঠিক তেনেকৈ গাঁওৰ সাক্ষৰ নোহোৱা বুঢ়ী আইতাৰ মুখতো বিয়ানাম,আইনাম, বিহুগীত, সাঁথৰ, ডাকৰ বচন, লোকগীত আদি আখৈ ফুটাদি ফুটি উঠা দেখা যায়।আমি তেওঁলোকৰপৰা বহু জ্ঞান লাভ কৰিব পাৰি,যিবোৰ আমি কিতাপ-পুথি অধ্যয়ন কৰি অথবা স্কুল-কলেজৰ আনুষ্ঠানিক শিক্ষাৰে শিকিব নোৱাৰিবও পাৰোঁ।সেয়ে আমি সকলো মানুহকে শ্ৰদ্ধা আৰু সন্মান জনাবলৈ শিকি লোৱাটো খুবেই দৰকাৰ।


ফোনঃ 8638881953 

 

 


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages