তুমি হ'বানে মোৰ বাবে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, August 1, 2022

তুমি হ'বানে মোৰ বাবে

 


তুমি হ'বানে মোৰ বাবে ?

কিৰণ পায়েং

লখিমপুৰ


চোৱা সময়ে আমাক এৰি গুছি গৈছে

চোৱাচোন, পশ্চিমে বেলিওঁ মাৰ গৈছে

বুকুত হাজাৰ বিষাদৰ নিজৰা বোৱাই থৈ


অকলশৰীয়া এই জীৱনৰ মাজবাটত

এতিয়া অপেক্ষা মাথোঁ তুমি অহালৈ !

তুমি হ'বানে মোৰ বাবে?

মোৰ হৃদয়ৰ বাবে !

মোৰ জীৱনৰ বাবে!


বুকুৰ চোতালত যেন আজি ভৰপূৰ

তুমি ভালপোৱা অসংখ্য ফুলৰ সুগন্ধি

কোমল বতাৰ স্পৰ্শই যেন দিয়ে

তুমি অহাৰ সচাঁ বাতৰি!

আৰু যেন মই নোৱাৰো

এয়া যেন মোৰ অসহনীয় 

তোমাৰ অপেক্ষাত এই দিনবোৰ!


আজি বিচাৰো তোমাক কাষতে পাবলৈ

বিচাৰো তুমি দিয়া প্ৰেমৰ মায়াৱী শত্তিৰে

দুখবোৰ চিৰকাল বিছিন্ন কৰিবলৈ !

সুখবোৰ চিৰদিন ৰঙীন কৰিবলৈ।


কল্পনা কৰো..

সপোনবোৰ যে মোৰ বাস্তৱ হ'ব

বুকুখন যে সেউজীয়া হ'ব

অন্ধকাৰ এই জীৱন যে পোহৰেৰে অলোকিত হ'ব

সৃষ্টি যে মোৰ আকৌ নতুন হ'ব।।



ফোনঃ 7099856886

 


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages