অপেক্ষা
প্ৰিয়ম নেওগ
নাৰায়ণপুৰ, লক্ষীমপুৰ
মৰম, আশাকৰো ভালে আছা,
আজি এটা বছৰেই পাৰ হ'ল
এটি পাতনি নে এটি অধ্যায়।
অশেষ অশ্ৰুবোৰ আৰু কলংকিত কৰিবলৈ মন নাই,
তথাপিও যে তুমি.....।
মই জানো এতিয়াও তোমাৰ বাবে প্ৰিয়, মৰম..?
তোমাৰ মনত আছেনে?
বুকুৰ মাজত লুকাই থকা তুমি শব্দটিক বিচাৰি
দুয়ো যে হাবাথুৰি খাইছিলো,
তোমাৰ মোৰ হাবাথুৰিত প্ৰাণ পাই উঠিছিল
বন্ধুত্বৰ পৰা ভালপোৱাৰ সেই উপন্যাসখন।
তোমাৰ কাৰণে সজা সেই পঁজাঘৰটি
আৰু ৰক্তাভ গোলাপজোপা
তোমাৰ অবিহনেই যে.....থাকক দিয়া.....।
কেতিয়াবা মাজনিশাৰ কেতেকীজনীক সুধিছা?
নিঃসংগতাই বাৰু এবাৰলৈ কঁপাই নোতোলেনে হিয়া....।
কেতিয়াবা চলন্ত ঘড়ীৰ কাঁটাকেইডালক সুধিছা?
সময়ে বাৰু এবাৰলৈ সময়ক নকৰাইনে অপেক্ষা....।
ঠিকনা- নাৰায়ণপুৰ, লক্ষীমপুৰ, অসম।
ডাক- ডিক্ৰং
পিন-৭৮৪১৬৪
No comments:
Post a Comment