নীলা খামৰ চিঠি
বিউট পেগু
'প্ৰেম মানে চোন তুমি,তুমি মানেই প্ৰেম,
সুখ মানেও চোন তুমিয়েই'।
মৰমৰ
দ:ঞি
হিয়াৰ মৰমবোৰ আপোনাক নি:স্বাৰ্থভাৱে অৰ্পণ কৰিলোঁ। আপুনি মৰমবোৰ কিদৰে গ্রহণ কৰে সেয়া আপোনাৰ ইচ্ছা। মই জোৰ নকৰোঁ । কাৰণ জোৰ কৰি মৰম আদায় কৰিব নোৱাৰি। কিন্তু জানো মৰম,ভালপোৱাৰে ব্রজৰ দৰে কঠোৰ হিয়াকো বশ কৰিব পাৰি। জানানে আপুনি, প্রেমত পৰিলে মানুহে পৃথিৱীখনকে ধুনীয়া দেখে। ময়ো আপোনাৰ প্রেমত পৰি পৃথিৱীখনক ধুনীয়া দেখা হ'লোঁ । মানুহক ভাল পাবলৈ শিকিছোঁ। মানুহবোৰৰ কুটিল চৰিত্রবোৰকো সেয়া মানুহৰ স্বভাৱজাত আচৰণ বুলি সহজভাৱে গ্রহণ কৰিবলৈ আপোনাৰ ভালপোৱাই শিকাইছে । কবি নীলিম কুমাৰে প্রেমৰ লক্ষণ সম্পৰ্কত কি কৈছে জানে - প্রেমত পৰিলে প্রেমিক গৰাকীৰ কথাকে আনৰ আগত ক'বলৈ মন যায়। সঁচাকৈয়ে ময়ো আজিকালি আপোনাৰ কথাই আনৰ আগত প্রকাশ কৰি ভাল পাওঁ । কেৱল মানুহৰ আগতেই নহয় ফেচবুকতো আপোনাৰ কথাৰে পোষ্ট দিওঁ । এইবোৰ শুনি,পঢ়ি অনেকে ফিচিঙা ফিচিঙ কৰে,কিছুমানে পেনপেনীয়া বুলি কয় ,আকৌ কিছুৱে সেয়া তোমাৰ ব্যক্তিগত কথা কিয় ৰাজহুৱা কৰিব লাগে বুলি কয় । মোক ভালপোৱা সকলে আকৌ তোমাৰ ব্যক্তিত্ব খহনীয়াত জাহ যাব বুলি সোঁৱৰাই দিয়ে। পিছে অনেকৰ অনেক কথা শুনিয়ো মই আপোনাৰ ভালপোৱাক নিজৰ হৃদয়তে সঞ্চয় কৰি ৰাখিব বিচাৰিও আপোনাক ভালপোৱাৰ কথাবোৰ দেখোন বোঁৱতী পানীৰ দৰে স্বৰ্ত:স্ফূতভাৱে বৈ আহে। কাৰণ মই আপোনাক ভাল পাওঁ যে। ভালপোৱা কত ,কেতিয়া,কেনেকৈ হৈ যায় কোনো ক'ব নোৱাৰাৰ দৰেই আপোনাৰ প্রতি মোৰ ভালপোৱাও হঠাতে হৈ গ'ল। আপুনি চাগে এই কথা সামান্যতমো গম নাপায়। গম পালেও চাগে মোক উমান দিয়া নাই । আপোনাৰ আৰু মোৰ মাজত তেনেকৈ বাৰ্তালাপো হোৱা নাই। বহু মাহৰ বিৰতিতহে আপোনাৰ খবৰ লোৱা হয় কিন্তু আপোনাৰ কথা,ইতিবাচক দৃষ্টিভংগীয়ে মোক আপোনাৰ প্রতি ভালপোৱাৰ জন্ম দিলে। আপুনি মোৰ ভালপোৱাক আপোনাৰ হিয়াত স্থান দিয়ে নে নিদিয়ে এই কথা মই নাজানো কিন্তু আপোনাৰ ভালপোৱাই মোক ভাল হ'বলৈ শিকাইছে,পৃথিৱীখনক ধুনীয়া দেখিবলৈ প্রেৰণা দিছে ,জীয়াই থাকিবলৈ ভীষণ শক্তি দিছে,হাঁহিবলৈ,গান গাবলৈ , বেয়া মানুহকো ভাল পাবলৈ মনোবল দিছে- ইয়াতকৈ আৰু আপোনাৰ ভালপোৱাৰ পৰা কি লাগে ? আপোনাৰ ভালপোৱাৰ শক্তিয়ে মোৰ ক্লান্তি,দুখ,ভাগৰ,চকুলো সকলো বোঁৱাই নিয়ে সেয়া জানো কম সৌভাগ্যৰ কথা নহয় ।
ভালপোৱাৰ কথা ,বাস্তৱৰ সংগ্রামভৰা জীৱনৰ কথা,পৃথিৱীৰ বিভিন্ন দেশৰ কথা ,জোন, বেলি, তৰা,নদী আদি অনেক কথা আপোনাৰ লগত ভাগ বতৰা কৰিবলৈ মন যায় কিন্তু কথাবোৰ উপচি বাগৰি নাহে। ঠেলাঠেলিকৈ বুকুতে আৱদ্ধ হৈ থাকে। তথাপি বুকুৰ কোণত বিষ নহয় কাৰণ বুকুৱে জানে সেয়া যে ভালপোৱা।
অনাগত দিনবোৰত আকৌ আপোনালৈ মোৰ আৱেগ, ভালপোৱাবোৰ জনাই চিঠি লিখিম। শেষত পুনৰ মৰম জনাই আজিলৈ ইমানতে সামৰিছোঁ।
ইতি
বিউটি
No comments:
Post a Comment