কেনে আছা তুমি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, December 31, 2022

কেনে আছা তুমি

 


কেনে আছা তুমি

জ্যোৎস্না ৰানী বেগম


মোৰ ভালপোৱা ষ্টেচনৰ পৰা তুমি বহু নিলগত নামি গʼলা

মাহৰ পিছত বছৰ বাগৰি পাহৰণি হ'ল 

চলন্ত ৰেলৰ ডবাৰ হিচাপ কৰি যোৱাৰ দৰে 

বছৰবোৰ পাৰ হৈ গ'ল 

তাৰ পিছত বিছিন্ন হৈ গ'ল  আমাৰ চিনাকি

মিছামিছি অবাবত ফুল ফুলা সপোন দেখিছিলোঁ 

 আকৌ কেনেকৈ জানো ----

মোৰ চিঙি যোৱা প্ৰেমৰ শিকলিডাল

ক'ত কেতিয়া ক'ৰবাত সংযোগ হৈ গ'ল

নুবুজিলোঁ

কিজানিবা এয়া যান্ত্ৰিক বিজুতি ঘটিছিল

শৈশৱতে নিষ্পাপ ভাল পোৱাবোৰ

পিছলৈ তুলাচনীত জোখ -মাখ হৈছিল 

হৃদয়খন ছিটিকি পৰিছিল ক'ৰবাত 

ঠিক ফাগুনৰ শিমলু তুলা গছতেই ফটা দি

উৰি ফুৰিছিল তোমাৰ সন্ধানত 

কলিজাখন ওলমি ৰৈছিল "এদিম -চেদিম বা" খেলা দিনবোৰত

এতিয়া 

মোৰ খবৰ সোধা নে কৰোবাক

মদৰ নিচা বেছি হৈ যেতিয়া জ্ঞান হেৰুওৱা

ৰাতি ঘৰলৈ উভতনি পথত 

মোৰো তোমাক সুধিব মন যায় 

 কেনে আছা তুমি 

 ক'ত আছা

ভাবা নে মোৰ কথা কেতিয়াবা

এতিয়াও মোৰ  হৃদয়ৰ ভাৱনাত

মাথো তুমি তুমি।।

কেনে আছা তুমি ??


Doksiri দকচিৰি, জানুৱাৰী, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages