বিনষ্ট সময়
লাৱণ্য নাথ
বঙাইগাঁও
এবুকু মৰমত সাঁতোৰে এটি অজান
দৰিকণা মাছ
সজাল মৰমবোৰে পৰিচয় নোসোধে;
এয়া এক প্ৰত্যয় মাথো মনৰ নিৰৱ আশাৰ
সোঁতৰ বিপৰিতে যাত্ৰা
তথাপি টানকৈ ধৰোঁ বঠাৰ মুঠিত
জীৱন জীয়াৰ প্ৰবল হাবিয়াস...
অদেখা পথ
সপোনৰ সৌধ
সাঁতুৰী নাদুৰি
পাৰত দেখোঁ
বিৱৰ্ণ দেহ
বিনষ্ট মন
অকলশৰীয়া চিন্তাৰ স'তে
একাকী আমি।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩
No comments:
Post a Comment