পূৰ্বজ
গুনোজীৎ দাস
বহু প্ৰাচীন এজোপা গছৰৰ কটা মুঢ়াটোৱে যিদৰে ভেবা লাগি চাই আছিল তাতে পৰি এটি বনৰীয়া চৰাই
মূগা পৰা পাতবোৰে জড়তা ভাঙিছে
চকুলোৰো আছিল এখন অৰণ্য
খচমচনি অথবা চেঁচুকীয়া
শিশুবোৰ এতিয়া তাত নাই
পাহাৰৰ ওখ টিলাটোত অ'ত ত'ত
সিঁচৰিত হৈ আছে মানুহৰ বসতি
কটা গছৰ পৰিত্যক্ত ছাঁটোৰে
ইয়াতে লৱৰি ফুৰিছে পূৰ্বজ বেলি
জৰাজীৰ্ণ স্কুলঘৰটোৰ পৰাই নিখোঁজ হৈছিল
আখৰ চিনোৱা বেলি
য'ৰ পৰা ড্ৰপ-আউট হৈছিল দেশৰ
শিশুবোৰ
খিৰিকী মুখত এদল নতুন মুখৰ শ্ৰমিক
যি ন'লাবোৰ খান্দি
লিখি আছে দেশৰ বুৰঞ্জী
সিহঁতৰ ক'লা পৰা মুখবোৰত শিশুবোৰ কিদৰে ৰৈ গ'ল
কপালত আভোগৰ চাপ একৈশৰ
ভাবনাবোৰত আউল লগাবলৈ এতিয়াই
যেন শ্ৰমিক দলটোৰ পৰা এজন শিশু
ইয়ালৈ লৱৰি আহিব আৰু
এইমাত্ৰ পেলাই দিয়া পানীৰ বটলটো বুটলি দেখুৱাই দিব -
কিদৰে পৰিত্যক্ত ছাঁটোৱে ধাৰণ কৰি আছিল
জীৱন
সেয়া আছিল কল্পিত এক চিত্ৰকথা
পিছদিনা ৰাতিপুৱা বুৰঞ্জী প্ৰসিদ্ধ নগৰ এখনত মই ৰৈ গ'লো
নগৰখনৰ কুশল কামনাত ন'লাবোৰ খান্দি
এদল শ্ৰমিকে বাহিৰলৈ উলিয়াই আনিছে
নগৰখনৰ স্থায়ী বাসিন্দাবোৰক
এদিন হয়তো এনে এখন নগৰতে ন'লাবোৰ
খান্দি বুৰঞ্জীবোৰ লিখা হ'ব
নগৰখনৰ কুশল কামনাত ন'লাবোৰৰ পৰা নিজকে
বাহিৰলৈ উলিয়াই আনি গোটাব লাগিব এদল
নতুন মুখৰ শ্ৰমিকৰ হাতত
আখৰ চিনোৱা বেলিটো এই যে ৰৈ আছিল
জৰাজীৰ্ণ স্কুলঘৰটোত ।
দূৰভাষঃ ৭৮৯৬৭৪৮৯৮৬
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩
No comments:
Post a Comment