স্বাধীনতা
আশা বৰা
ৰহা, নগাঁও
নিশা সাৰে নাথকো আজিকালি
অজুহাত বিচাৰোঁ লীন যাবলৈ
শব্দৰ তৰঙ্গত
বৰষুণ হৈ নামি অহা মেঘবোৰে বাট নেহেৰুৱাই
কৃত্ৰিমতাৰ প্ৰসাধনত
কেৱল অপেক্ষা কৰে দুচকুত আঁকি ল’বলৈ একাঁজলি সোণালী ৰ’দ
স্বাধীনতাৰ
বহু কথা নজনাকৈ আৰু নুশুনাকৈ থকাই ভাল
আয়ুস বাঢ়ে
অধিকাৰ ক’তোৱেই নাথাকে
য’ত ভালপোৱা নাথাকে
মোৰ কুৰ্টি,শাৰী, চাদৰমেখেলা, গহনা আদি যেনেকৈ কেৱল মোৰ
ঠিক মন, মগজু, শৰীৰটোও সম্পূৰ্ণ মোৰ
একেবাৰে নিজস্ব
এদিন তাতে এটা সপোন অঙ্কুৰিত হৈছিল
লক্ষ্য উৰণ, মুক্ততা
আৰু এতিয়া
হালধীয়া অৰণ্যত বিচাৰে
বৰষুণৰ ঠিকনা
এটা পূৰ্ণ কবিতা ৷
ভ্ৰাম্যভাষঃ ৯৬৭৮৯৪১৭১৮
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩
No comments:
Post a Comment