মই গাঁৱলীয়া লৰা
জয় দলে
ধেমাজি
মই গাৱঁলীয়া লৰা
গাঁওৰ বোকা-পানী খচি
কেঁচা মাটিৰ গোন্ধ লৈ
ভাল পাওঁ মই ।
নদীত মাছ মাৰি
ভাল লাগে মোৰ
নলটেঙা, ঢেকীয়া ,পুথি মাছৰ জোল
মোৰ প্ৰিয় ।
ভাৰতৰ বহু চহৰ-নগৰ
ঘূৰিছোঁ মই ।
বহু ঠাইত অস্থায়ী ভাবে
বসতিও কৰিছোঁ মই
তথাপি মই কওঁ মোৰ পৰিচয়
খেল-পথাৰত লগৰৰ সতে ক্ৰিকেট খেলা
লগৰ সতে চোতাল বিহু মৰা
হাবিত মৌ বিচৰা
মই এটা গাঁৱলীয়া লৰা ।
মোৰ তেজত আছে নাঙলৰ মুঠি ধৰি
খেতি কৰি নিজ ভঁৰালৰ ভাত মুঠিৰে
প্ৰকৃতিৰ জৈৱিক সাৰেৰে উৎপাদিত
সেউজীয়া শাক-পাচলিৰে
এসাজ ৰান্ধি খোৱা
মই এজন গাৱঁলীয়া লৰা ।
মই বেয়া নাপাওঁ
গাঁৱলীয়া লৰা বুলি
আনৰ আগত পৰিচয় দিবলৈ।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩
No comments:
Post a Comment