অস্বাক্ষৰিত দলিল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, January 1, 2023

অস্বাক্ষৰিত দলিল

 


অস্বাক্ষৰিত দলিল

দীপিকা ফুকন

গোলাঘাট

           

আৰু কিমান জ্বলিলে

মোৰ হৃদয় দলিলত

তুমি স্বাক্ষৰ কৰিব পাৰিবা ?

প্ৰতিদিন প্ৰতিৰাতি জ্বলি আছো

অথচ মই জ্বলিয়েই থাকিব পাৰো


অভিসাৰিকাৰ তালিকাত মই পঞ্জীয়ন কৰিলো

তোমাৰ বাবে আৰু এখোপ চৰাকৈ

এতিয়া জ্বলিব পাৰো


তুমি এটা চোকা ৰ'দ হ'বা

ভৰ দুপৰীয়াটো বুকুচাত বান্ধি মই বহি থাকিম

আহু ধাননীৰ আলিত জঁয় পৰা বনবোৰৰ দৰে


পিতায়ে কৈছিল

নদীৰ মুখৰ ভেটা নহবি

পাৰিলে সাগৰ হ'বি

ধুমুহাৰ সোঁতত নিজক এৰি নিদিবি

বৰগছ হ'বি


তুমি এজাক বৰষুণ হ'লে

মই তোমাৰ বাবে সাগৰ হ'ব পাৰো


যেতিয়া তৰাবোৰে আৰু পোহৰ দিব

 অৰণ্যৰ ছাঁ আঁতৰিব

জোনটোৱে পিয়াহৰ পানী বিচাৰি

সাগৰলৈ নামিব

তেতিয়া মোৰ হৃদয় স্বাক্ষৰিত হ'ব।।


ফোনঃ 9531121318


Doksiri দকচিৰি, জানুৱাৰী, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages