মই তুমি বিচৰাৰ দৰে হব নোৱাৰিলোঁ
অতুল চন্দ্ৰ বড়ো
মিছামাৰী,শোণিতপুৰ
তুমি বিচৰাৰ দৰে মই, হেজাৰ চেষ্টা কৰিও হ'ব নোৱাৰিলোঁ,
মোৰ স্বাভিমান বুলিয়ে ভাবা বা অন্য,
মই নিজকে সলনি কৰিব নোৱাৰিলোঁ ।
সলনি নহ'ল তোমাৰ প্ৰতি থকা মোৰ পুৰাতন তান ,
একেই আছে একেই থাকিব হৃদয় বীনাৰ গান ।
একেই সুৰত বাজিব, বাজি থাকিব
মাথোঁ নোৱাৰিলোঁ তোমাৰ লাইকৰ হ'ব।
তুমি মোক এৰাই চলিব বিচৰা,মই জানো
আৰু মই তোমাক সাৱটি বুকুৰ কাৰেং সাজোঁ।
মোৰ পৰা পলায় ফুৰিব বিচৰা, আঁতৰে আঁতৰে
আৰু মই তোমাক লৈয়ে সপোন ৰচোঁ, জনম জনমলৈ ।
চাল্লা! বেইমান বুকুখন মোৰ, একো বুজনি নামানে,
স্বপ্নহীনতাৰ দুপৰ ৰাতিটো ছবিখন তোমাৰেই আঁকে ।
মই তোমাৰ লাইকৰ হব নোৱাৰিলোঁ অ',
তোমাৰ সুখবোৰ পূৰা কৰাৰ সামৰ্থ্য মোৰো আছে,
পিছে, আমি ভগাই ল'ব বিচাৰোঁ ,
আৰু তোমাক,,,,,,,,,
কলংপাৰৰ সৰু গাঁওখনত চহৰৰ সুখবোৰ নাথাকিলেও,
মৰমবোৰ ওলমি থাকে, পদুলিয়ে পদুলিয়ে
তুমি হয়তো নেদেখিলা,
দেখিলা মাথোঁ ধুলিয়ৰী গৰুবাট, বাঁহৰ সাঁকোখন,
গধুলি দেউতাৰ বান-বাঁতিত আপংৰ জুলকণ ।
তুমি নেদেখিলা সাদৰি মা'ৰ মৰমকণ,
নেদেখিলা দেউতাৰ নিৰ্ভেজাল হাঁহিটো,
ভাই-ভনীহাঁলৰ অকৃত্ৰিম ধেমালিবোৰ।
ক্ষমা কৰিবা
তোমাক লৈয়ে সুখী হব পৰাকৈ সামৰ্থ্যবান নহলোঁ মই।
ফোনঃ 7896272759
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩
No comments:
Post a Comment