কি ঘাই
নীলাভ সৌৰভ
ম্লেচ্ছৰ একো চিকাচন্দা নাই
থাকেনো কি সদাচাৰ
মূঢ়তাই সাৰ
ৰ'দে খেদি আহি দেখুৱাই দিয়ে— এইটোৱেই আন্ধাৰ
দেখা মানেই লুকাভাকুত হৰা
মূৰ দোঁৱাই নথকা বিচাৰ
এজন পুৰোহিতে ফুল সজালে কেউবিধ নিলগে নিলগে
ৰং গোন্ধ অনুসৰি ৰীতি
জহনিত যোৱা অতীতে দি যোৱা জাত
চিকা
মাৰিলে হাত গোন্ধায়
ফুলৰ সৈতে মিতিৰালিত ভাত নেহেৰাই কি
এইখিনিতে এটা আতৰ বেপাৰীৰ বজাৰ
নিগনিৰ সৈতে সভা পাতি সততাৰ কথা কৈ যোৱা লগুৱাই জানে সিংহ জালত পৰিলে নিগনি হ'ব সাধুৰ সাৰাংশ
নিগনিৰ ৰাজপাট নাই
নিগনি বাহন
এতেকে চিকাতকৈ ওপৰত স্থান
কাকতি ফৰিঙে ক'লে সভাই সমিতিয়ে ওখ ঠাইত থাকিব আসন
তাৰ পৰা চলিব ভাষণ
তলৰ উপস্থিতিৰ সংখ্যা জানিবলৈ বহী এখন থাকিব চহীৰ
কাশ্মীৰি শ্বল এখন উৰি সিংহই আঠুৱা কম্বল বিলাওতে কটকীৰে সিংহৰ কথা আছিল বৰ
কটকীয়ে বৰ পূজা পতা পুৰোহিতক ক'লে ফুলবোৰ ভগাই দিয়া
শই হাজাৰে বিষয়ববীয়া
নীতি সলনি হৈ ধন বিত বিলাওতে হাত পাতি ৰৈ থকা জাতিক কি লাগে বৰ বিষয়াই জানে
বহল অৰ্থৰ সাধাৰণীকৰণ এনেকুৱা হ'ল যে
কবিৰ অভিধা দিবলৈ মানুহ নাপাই পাছলি এবিধৰ নাম কবি কৰি ৰাখি সিদিনা কবিৰ ভাগ তাতে সামৰিলে
সকলো পোক পৰুৱা ঘৰাঘৰি হ'ল
অসংস্কৃত অতীতৰ নামত সিদিনা কোনেও কাকো কবি নুবুলিলে
সিদিনা গোঁসাই নাছিল
নাছিল মিঠাই কৰোঁতা
নাছিল বৰ হৰফ
অথবা লেম ধৰোঁতা
ক্ষমতা এনে কালিকা যে সৰু মুদৈয়ে বণিজলৈ গৈ
ধন সোণ আনিলে বৰ আসন পাৰি বহোৱাই দিয়ে
এন্দুৰে সেন্দূৰৰ মূল নুবুজিলে
ছটিয়াই দিয়া পিঠাগুৰি খালে
তোষামোদৰ চালঠেঙাত গা সেকি জৰৌৰৌৱাৰ এজন বা দুজন
সমতাৰ উদাহৰণ
বাকী সব শ্ৰেণীবিভাজন
বিভাজনৰ এটাই অস্ত্ৰ
অন্ন বস্ত্ৰ বাসস্থানৰ মন্ত্ৰ
ভাল কথা ভাল কথাৰ বাবেই দেখাদেখিকৈ ভাল
দলৰ সংখ্যাৰ বাবে বহতীয়ালৈ তোষামোদৰ খাল
সিংহদুৱাৰৰ লগুৱা লিকচৌ সকলোৱে জানে
বাহিৰত বৰ বৰ নেগুৰ পাৰি বৰ কথা কওঁতাই
সিংহৰ সমুখত আঠুকাঢ়ি পোকৰত তেল সানে
চেনীৰ সমান মিঠা আম খালে সন্দেহ হয়
আম ইমান মিঠা হোৱাৰ কথা নাছিল
দালিত কণাদালি থকাৰ দৰে কিবা এটা থাকে
হাল বোৱা
জাল গুঠা হাতখনত কোনোবাই কেৰেয়া নলগালে মানে
সাধাৰণ এনে চাকনৈয়াত যে
ভাত খোৱা হাতখন দি দিয়ে পাকত পেলোৱা চকৰিৰ গৰাকীক
তোষামোদ খাই জীয়াই থাক
ফটাকানিৰে লাজ মান ঢাক
যাৰ ঘৰত হাঁহ এযোৰা চৰুৰ সুগন্ধি
তাৰ ঘৰলৈকে লৈ যাবি মাটিৰ মাহ
এমুঠি লাই লফা
এমুঠি পুৰৈ শাক
চতুৰ পণ্ডিতসকলে
কথাটো এনেকৈ বুজাই দিলে
ভাল ইমানেই ভাল যে
তেনে ভালৰ বৰ্ণনা কৰিবলৈ ভাষাই নাথাকে
তেনে ভাল ইমান অমূল্য যে বুজাই ক'ব নোৱাৰি
গতিকে ভালৰ বৰ্ণনা আনলৈ যায়
লেখি লেখি চাই চাই কাৰোবাক ভাল বুলিলে পণ্ডিতৰ দাম বাঢ়ে
অমূল্য হীৰাও নহয়
পোক পৰুৱা জগতৰ ভাৰসাম্য বাবেই
পোক পৰুৱা জীয়াই থকাত তোষামোদেই ঘাই
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩
No comments:
Post a Comment