হিমালয়ৰ পাদদেশৰ পৰা
আত্মাৰ ক্ৰন্দন
ত্ৰিৰঞ্জন টাইড
বেলিটো বাৰু
কোনে বাৰু ইমান উজ্জ্বলকৈ আকাশত ৰোপণ কৰিছিল ?
নীলাকৈ আকাশখন / কোনে বাৰু কাৰ বিবাহৰ উৎসৱত ইমান বিশালকৈ পাৰ্মেনেন্ট ৰভা তৰিছিল
এইয়া মোৰ হৃদয়ৰ অনিনাদিত গাণিতিক আবেদন
অনিনাদিত গাণিতিক ক্ৰন্দন।
হে প্ৰিয় কুশলকামী , মমতাময়ী
যোৱাৰাতি মই দুপৰ নিশা তেজাল সপোন এটা দেখিলো
সপোনত বেলিটো হাকুটিৰে পাৰি ঈশ্বৰ হেনো নামি আহিছে পৃথিৱীলৈ -
ঈশ্বৰ হেনো ইয়াত ঘুৰি ফুৰিছে বেলিটো হাতত লৈ
আমাৰ দৰে কাৰ্যালয়ে কাৰ্যালয়ে বিদ্যালয়ে বিদ্যালয়ে
প্ৰিয় মানুহৰ সন্ধানত ।
ঈশ্বৰ হেনো তেওঁৰ গুড বুকুত নাম লিখি ঘুৰি ফুৰিছে
আমাৰ দৰে বিধস্ত গাৱঁৰ ঘৰে ঘৰে আমাৰ দৰে অপ্ৰেময় চহৰৰ গৃহে গৃহে
কেৱল
প্ৰেমৰ গজালি মেলা প্ৰিয় মানুহৰ সন্ধানত
তেওঁৰ প্ৰিয় মানুহৰ সন্ধানত ,
হে মমতাময়ী, আচলতে
ঈশ্বৰ হেনো পৃথিৱীখনক নতুনকৈ সজাব খুজিছেগে
আমাৰ দৰে কাঁইটীয়া মানুহৰ হাতৰ পৰা আকাশখন কাঢ়ি
আমাৰ দৰে অপৃশ্চ্যতাময় হৃদয়ৰ হাতৰ পৰা মাটি-বাৰীবোৰ কাঢ়ি
আমাৰ দৰে নিৰ্দয় নিৰ্মময় মানুহৰ হাতৰ পৰা জোন বেলি তৰা কাঢ়ি।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩
No comments:
Post a Comment