সময়ৰ শৰ
অংকুৰিতা ফুকন
হৃদয়ত কিমান সহানুভূতি থাকিলে
কোনোবা ঈশ্বৰ হ'ব পাৰে
কিমান আৱৰ্জনা ধুই নিব পাৰিলে গংগা…
কোনভাগ জুয়ে দহি
সোণকৰি উজ্বলাই কাৰোবাক
কিমান দূৰলৈ চাব জানিলে ভৱিষ্যদ্ৰষ্টা…
ৰ'দঘাই পিঠিৰ পানী ঘামচি ভাঙি
সময়ে সোঁৱৰায় …
যুগুতাই লোৱা উত্তৰবোৰ এতিয়াই
আকাশ গোমা…
বৰষুণহৈ সৰিবলৈ
আৰু বেছি পৰ নাই ।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩
No comments:
Post a Comment