কপাল
স্বপ্নালী কলিতা
শৰীৰটো বহি থাকিল
এটা দিন
হৈ-চৈ অহা-যোৱা
টনা-আঁজোৰাবোৰ
সামৰি
ভিতৰত চলি আছে এখন
নামনিমুৱা ৰেল
যাত্ৰীৰ ভিৰ
দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণী
একাকাৰ
ডবাবোৰত
সুৰৰ ওপৰত বেসুৰ
কাৰোবাৰ চকু নাই
কাৰোবাৰ হাত
কাৰোবাৰ ভৰি
আৰু কাৰোবাৰ নাই
মাত
সমস্বৰে নিজৰ নিজৰ
অক্ষমতাখিনিক জাহিৰ
কৰিবলৈ নামি পৰিছে এখন
প্ৰতিযোগিতাত
ভিতৰত চলি থকা এই
দূৰন্ত ৰেলখনৰ ক'লা ধোঁৱাই
বহি থকা শৰীৰটোক
ছানি ধৰিছে ক্ৰমান্বয়ে...
দিক্বিদিক্ হেৰুৱাই
শৰীৰটো হৈ পৰিছে অলস
আচৰিত কথা!
চলন্ত ৰেলখনৰ ভিতৰৰ
এই বিশেষ যাত্ৰীবোৰৰ
কাৰোৰে কপাল নাছিল
যাৰ বাবে ডবাৰ ভিতৰত
সুৰ আৰু বেসুৰৰ মিছিল হৈছিল
মই হাতখন ওপৰলৈ দাঙি
চুই চালোঁ মোৰ সমুখভাগ
মোৰ কপালখনেও
ইতিমধ্যে মোক
লগ এৰা দিছে
Doksiri দকচিৰি, মাৰ্চ, ২০২৩
No comments:
Post a Comment