ফাগুনৰ সংজ্ঞা
ববী দত্ত
ফাগুন ফাগুন লগা মনটোক সুধিলোঁ
ফাগুনৰ সংজ্ঞা কি
মনটোৱে কলে
উতনুৱা শিমলু তুলাক সোধা
সিহঁতৰ গতিবেগ যি
চঞ্চল শিমলু তুলাক সুধিলোঁ ফাগুনৰ সংজ্ঞা কি
সিহঁতে কলে
প্ৰেম বিলোৱা পলাশক সোধা
য'ত নাথাকে প্ৰণয়ৰ জড়তা
প্ৰেমিক পলাশক সুধিলোঁ ফাগুনৰ সংজ্ঞা কি
পলাশে চতুৰ হাঁহি মাৰি কলে
ৰঙচুৱা মদাৰক সোধা
য'ত আছে তেজৰঙী তীব্ৰতা
তেজ ৰঙী মদাৰক সুধিলোঁ ফাগুনৰ সংজ্ঞা কি
মিচিকি হাঁহি মাৰি মদাৰে কলে
তোমাৰ কপালত ৰক্তিম তিলক আঁকিলে কোনে ?
মনৰ দাপোনত মই নিজকে চালোঁ
তেজ ৰঙী গীত গালোঁ
মইয়েই দেখোন মতলীয়া ফাগুন হৈ গ'লো
Doksiri দকচিৰি, মাৰ্চ, ২০২৩
No comments:
Post a Comment