মৰমৰ দস্তাবেজ
হিমাংশু কলিতা
গোলাঘাট
যৌৱনৰ ধুমুহাত উতনুৱা নহবা
ভাঙিব তোমাৰ পাখি,
মিছা প্ৰণয়ৰ চাক নাসাজিবা
নিজকে নিদিবা ফাঁকি।
সময় থাকোতে মনৰ কৰণিত
ভালপোৱা থোৱা ৰাখি ,
বেলিও পৰিব সময় উকলিব
চিঙিব মৰমৰ গাঁঠি।
ভুল জীৱনৰ লগৰী মাথোন
নহয় আপোন ভঙাৰজাত,
বিচাৰি চোৱা নিজৰ মাজত
পাবা সমাধাৰ বাট।
আছে ৰৈ জুমি চোৱা গৈ
মৰম পথিকৰ বাট,
আকলুয়া নৈ হিয়া তুলি লৈ
সজোৱা প্ৰেমৰ ঘাট।
সময় পাৰ হলে নাপাবা বিচাৰি
নাপাবা মৰমৰ ঘাট,
মনি-মুকুতা গল ভৰি পাবা
নাপাবা প্ৰেমৰ বাট ।
Doksiri দকচিৰি, মাৰ্চ, ২০২৩
No comments:
Post a Comment