জুহাল
ছবি বৰুৱা
ঢেকীয়াল,গোলাঘাট
শীতৰ সন্ধিয়াবোৰত
মুখৰ হৈ পৰে জুহাল
কুণ্ডলী পকাই উৰি আহে ৰূপকথাৰ অখণ্ড মিছিল
বুৰঞ্জীৰ পাতৰ পৰা উঠি আহে
অনেক ৰজাৰ ৰণহুংকাৰ
নুমলীগড়ত আৱদ্ধ ৰাজকুঁৱৰীয়ে উচুপে
অগ্নিগড়ত উষাৰ সপোনে বাট বিচাৰে
ফিকা চাহৰ বাতিত নাচে চিত্ৰলেখাৰ
ৰসাল হাঁহিৰ এজোলোকা ৰাগী ৷
শীতৰ সন্ধিয়াবোৰত দদাই ৰমলা পেহীৰ ঘৰলৈ নাযায় ৷
কণমইনাৰ পঢ়া মেজত আমন জিমনকৈ বহি থাকে
এমোনা হুমুনিয়াহ ৷
জুহালৰ কেউকাষে অসংখ্য আঙুলিত জ্বলে সংগ্ৰামী জীৱনৰ কৰালমৰা ঘা
তলুৱাত জুহালৰ নষ্টালজিক কৰমৰ্দ্দন ৷
আইতাৰ দুগালত জুহালৰ ৰঙচুৱাই ৰং সানে
আঁতৰৰ পৰা ককাৰ থৰ কাচুটি হেৰোৱা চাৱনি
এইখন জুহালৰ পৰাই একোখন কৈ দেশৰ গজালি মেলিছিল
এইখন জুহালৰ পৰাই গজি উঠিছিল বিস্তীৰ্ণ সেউজীয়া অৰণ্য
এইখন জুহালেই এদিন সৃষ্টিৰ পাতনি তৰিছিল
আৰম্ভ হৈছিল মানুহৰ অবিৰত যাত্ৰা ৷
শীতৰ নিশা যেতিয়া নিজম পৰে জুহাল
উমি উমি সাৰে থাকে
তাৰ ফিৰিঙতি
সন্ধিয়া আকৌ জ্বলিবলৈ...৷
আহ,হাত মেলি আবৰি ৰাখো জুহাল
তই মই আমি
একেলগ হৈ
জাৰ ৰ দিনৰ গান গাওঁ
এই জুহালৰ পৰা উঠি আহিব সীতা
উঠি আহিব যাজ্ঞসেনী
উঠি আহিব শৰশয্যাশায়ী প্ৰপিতামহ ভীষ্ম৷
আহ,জুহালৰ কেউকাষে বহি পণ লওঁ
আমি একোকুৰা জুই হওঁ
একক অবিচ্ছেদ্য।
Doksiri দকচিৰি, মাৰ্চ, ২০২৩
No comments:
Post a Comment