হেঁপাহৰ আলিছিগা ঘাট আৰু নাৱৰীয়া ককাই
মণ্টু মৰাং
টেঙানি, গোলাঘাট
নাৱৰীয়া ককাই
বঠাপাত দুহাতেৰে ভালকৈ ধৰিবি
ধনশিৰি নদীৰ কোবাল সোঁতত পিছলি পৰিবি
নাৱৰীয়া ককাই
তই উজাই যা
জুৰকৈ বঠাপাত মাৰি মাৰি যা
শাওনৰ হেঙুলীয়া ঢৌ ফালি ফালি যা
পশ্চিমৰ ৰঙা বেলিটিৰ সমানে যা আগুৱাই যা
হাৰি হাৰি জিকি যা।
নাৱৰীয়া ককাই
তোৰ বান্ধৈ গীতবোৰ গাই গাই যা-
"উজাই আহিলে কোম্পানীৰ জাহাজ ঐ,
ঢৌতে তলমল কৰে
চপাই দে চপাই দে কলিকতাৰ জাহাজ ঐ
কনেঙৰ বাতৰি সোধোং"
তোৰ গীতত ইকৰা,কঁহুৱা, নল-খাগৰিবোৰ হালি-জালি নাচিব
ডালৰ কপৌযোৰিয়েও তোৰ লগত সুৰ মিলাব
মেটেকাৰ গোন্ধ লাগিব তোৰ গাত
জাকে জাকে কাউৰীয়ে কা -কা কৰিব
মৃতকৰ সংখ্যা অৱশ্যে গণিব
আলিবাটৰ ৰজা-মহাৰজাই তোক জুমি জুমি চাব!
নাৱৰীয়া ককাই
তই উজাই যা
জুৰকৈ বঠাপাত মাৰি মাৰি যা
শাওনৰ হেঙুলীয়া ঢৌ ফালি ফালি যা
পশ্চিমৰ ৰঙা বেলিটিৰ সমানে যা আগুৱাই যা
হাৰি হাৰি জিকি যা।
কৃষক, হালোৱা, বণুৱা গৈ আছে
পাৰ হ'ব কিজানি হেঁপাহৰ আলিছিগা ঘাটেৰে
বিপদসংকুল এখিন টুলুঙা নাৱেৰে
স্নেহেৰে সেৱা জনাবি তোৰ কোমল দুহাতেৰে
বান্ধৈ গীত এফাঁকি জুৰি দিবি তোৰ শুৱলা মাতেৰে।
তোৰ মনত কোনোদিন নানিবি ভেদ-ভাৱ
তেহে হ'ব সকলোৰে হেঁপাহৰ আলিছিগা ঘাট
নাৱৰীয়া ককাই
শেলুৱৈ ধৰা টুলুঙা নাওখনেই
তোৰ বাবে এতিয়া হিয়াৰ আমঠু
তাক ভালদৰে ধুই পখালি ল'বি
মৰমেৰে ৰাখিবলৈ লগৰীয়াকো ক’বি
নাৱৰীয়া ককাই
বাউসিত তোৰ জোৰ আছে নকৰিবি ভয়
সকলোৰে আছে তোলৈ এখনি কোমলকৈ হৃদয়
দুখ নকৰিবি নাৱৰীয়া ককাই
নৈ পাৰৰ বুঢ়া সৌ যজ্ঞ দিমৰুজুপিও
তোৰ সুখ-দুখৰ সমভাগি হ'ব
অজস্ৰ পখীগণ তোৰ লগৰীয়া হ'ব
নৈ পাৰত থকা ঔগছজোপাৰ তলতে
ভৰদুপৰীয়া তই ক্ষন্তেক আশ্ৰয় ল'বি
সাজি ল'বি ন-কৈ এটি পঁজা ঘৰ
তাতেই তই চিলঙৰে এছাটি মলয়া বতাহ পাবি।
Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:
Post a Comment