আধা তিতিলোঁ
ভূমিকা দাস
বৰষুণজাকত আধাতিতা হৈ
কেকুৰিটো পাৰ হওঁ হওঁ.
শাওনৰ
নিজান দুপৰীয়া
তেনেতে কোন গৰখীয়াৰ ওঠত নিগৰিল
কানাইৰ বাঁহীৰ সুৰৰ লেখীয়া সুৰ
সৌ পথাৰখনিৰ পৰাই ভাঁহি অহা যেন লাগিছে
সেই যে খোজতে খোজ মিলাই যোৱাৰ কথা আছিল তালৈ
আলিটো পাৰ হৈ কিছুদূৰ গৈ চোতাল এখনি
ৰ'দৰ ফুলেৰে ভৰি থকা
চোতালৰ কি যে মৌলিক কাহিনী
কেওফালে শকত শকত আঁহত ,বকুল গছৰ লানি
দুখোজ আগুৱাই
আকৌ চাৰিখোজ পিছুৱাই
বহুত দিন হ'ল কচৰৎ
জিৰাবলৈ ভাগৰৰ জিৰণি
শান্তিৰ এঘুমটি আহিব
বকুল আঁহতৰ এছাটি বা লাগিব
নাই নাই অলপো নাই লগা আঁহতৰ 'বা'
ৰ'দৰ ফুলৰ ছাঁ পৰা চোতালত
আঁহতৰ বা লাগিবই বা কেনেকৈ-?
বকুলৰ গোন্ধে আমোলমোলাইছে
আঁহতজুপি দেখিলেই
পৰাণ পৰশা শান্তিৰ বতাহ দিয়ে যেন লাগে
হয় হয় তোমাকে কৈছোঁ ..
আকৌ দুখোজ আগুৱাই গৈ
আলিদোমোজাত থমকি ৰ'লো......
Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:
Post a Comment