হৃদয়ে মাথোঁ কান্দে
প্ৰবীণ কুমাৰ টায়ে
লালুক, লক্ষীমপুৰ
আছোঁ জীয়াই
যন্ত্ৰণাৰ সোৱাদ লৈ
যোৱা বাটেৰে ঘূৰি আহিবা বুলি
চকুপানীয়ে তিতে শুৱা গাৰু
নীলা আকাশ সেউজীয়া ঘাঁহনি
নদ-নদীৰ
জান-জুৰি
পানীয়ে ভৰা বাটটোলৈ চাই
চিন্তা-ভাৱনা আৰু মনৰ
অনুভৱবোৰক সাৱটি
বিয়পি আছে বুকুত
দপ-দপকৈ জ্বলাইজোৱা জুইকুৱা
এটি উত্তাপ নুবুজা সাঁথৰ হৈ
ন'কবা সেই আগৰ দৰে
আনে শিকোৱা বুলি
পাহাৰৰ টিঙণিত
সেউজীয়া মাজত
তোমাৰ উমাল বুকুত জিৰাম
গুণগুণাই গীত এটি
প্ৰাণ জুৰি হাঁহিম
মেলি দিম সপোনৰ আঁচল
আহিল এজাক শীতল বৰষা
মেঘৰ গাজনী
আকাশত ডাৱৰে ভৰি পৰিল
মেঘৰ আঁৰত বেলিটি লুকাল
টোপা-টোপে সৰিল বৰষুণ
জান-জুৰি বুৰাই গ'ল
দুয়োটি পাৰ
কোৱাই নহল বহু কথা
সপোন ভাগি গ'ল
স্মৃতি দলিছাত
থাকি গ'ল মেলিব
তুমি দি যোৱা
বিষাদৰ টোপোলাটো !!!
Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:
Post a Comment